নগাঁও : চামগুৰিৰ বৰমাত ভুমি কেন্দ্ৰিত সংঘাত। দুই ফৈদৰ মাজত হোৱা মাৰপিটৰ ঘটনাত আহত ১২ জনকৈ লোক। আহত সকলক চিকিৎসালয়লৈ প্ৰেৰণ। এজনৰ অৱস্থা সংকটজনক হোৱাত আহত লোকজনক গুৱাহাটীলৈ প্ৰেৰণ। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত বিৰাজ কৰিছে তীব্ৰ উত্তেজনা।

দেওবাৰে নগাঁও জিলাৰ চামগুৰিত সংঘটিত হোৱা এক ভূমি কেন্দ্ৰিক সংঘাতক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। চামগুৰিৰ বৰমাৰ ভগামুৰত দুই ফৈদৰ মাজত সংঘটিত হোৱা প্ৰচণ্ড মাৰপিটৰ ঘটনাত দুয়ো ফৈদৰ ১২ জনকৈ লোক আহত হয়। ছুৱেদ আলী আৰু ইদ্ৰিছ আলী নামৰ দুজন লোকৰ পৰিয়ালৰ মাজত সংঘটিত হয় এই ঘটনা।

জানিব পৰা মতে ছুৱেদ আলী নামৰ লোকজনৰ পৰিয়ালক ইদ্ৰিছ আলী নামৰ লোকজনৰ পৰিয়ালে মাটি বিক্ৰী কৰিছিল।দেওবাৰে ছুবেদ আলীৰ পৰিয়ালে ইদ্ৰিছ আলীক বিক্ৰী কৰা ভূমি পুনৰ দখল কৰিবলৈ যোৱাক কেন্দ্ৰ কৰি দুয়োপক্ষৰ মাজত সংঘাতৰ সৃষ্টি হয়। ইফালে ছুৱেদ আলীৰ পৰিয়ালে অভিযোগ কৰে যে ইদ্ৰিছ আলীৰ পৰিয়ালৰ এগৰাকী মহিলাৰ নাম ভোটাৰ তালিকাত নীতি বৰ্হিভূতভাৱে অন্তৰ্ভূক্ত হোৱাত তেওঁলোকে সংশ্লিষ্ট কৰ্তৃপক্ষক অভিযোগ দিছিল বাবেই ইদ্ৰিছ আলীৰ পৰিয়ালে আক্ৰমণ কৰে।

আনহাতে ঘটনাটোক কেন্দ্ৰ কৰি এনেধৰণৰ অভিযোগ-প্ৰতিঅভিযোগ থাকিলেও দুয়ো ফৈদৰ মাজত হোৱা মাৰপিটৰ ঘটনাত ১২ জনকৈ লোক আহত হৈছে। আহত সকলক নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হৈছে। ইয়াৰে জাকিৰ হুছেইন নামৰ লোকজনৰ অৱস্থা সংকটজনক হোৱাৰ বাবে লোকজনক গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে। অহাত সকলৰ ভিতৰত মহিলাও আছে।