তিতাবৰ, ৭ আগষ্টঃ এছিয়াৰ সৰ্ববৃহৎ পানীযোগান আঁচনি গ্ৰেটাৰ তিতাবৰ পানীযোগান আঁচনিৰ কেলেংকাৰীৰ উচিত তদন্ত কৰাৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে  প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে। উল্লেখ্য যে, তিতাবৰৰ ভূ-গৰ্ভৰ পানীত বিষাক্ত আৰ্ছেনিক ধৰা পৰাৰ পিছত তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে নিজ গৃহ সমষ্টি তিতাবৰত আৰ্ছেনিকমুক্ত বিশুদ্ধ পানী যোগানৰ কাৰণে এশ কোটি টকীয়া পানীযোগান আঁচনি নিৰ্মাণ কৰিছিল। এই আঁচনি খনক গ্ৰেটাৰ তিতাবৰ পানীযোগান আঁচনি নামেৰে নামাংকিত কৰা হয়। গ্ৰেটাৰ তিতাবৰ পানী যোগান আঁচনি সফল ৰূপায়ন নোহোৱাত বৰ্তমান তিতাবৰৰ একলাখৰো অধিক লোকে আৰ্ছেনিক যুক্ত পানী খাবলৈ বাধ্য হৈছে৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তিতাবৰত গ্ৰেটাৰ তিতাবৰ পানী যোগান আঁচনিৰ কেলেংকাৰীৰ উচিত তদন্ত আৰু সফল ৰূপায়নৰ জৰিয়তে আৰ্ছেনিক মুক্ত বিশুদ্ধ পানী যোগানৰ দাবীত প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে৷ পৰিষদে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, প্ৰাক্তন জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰিহন দৈমাৰী আৰু যোৰহাট লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰচাদ তাচাৰ প্ৰতিকৃৰ্তি দাহ কৰে৷