গুৱাহাটী, ৭ আগষ্টঃ শৰাইঘাট দলঙক ন’ পার্কিং আৰু ন’ ছেলফি জন ঘোষনাৰ সিদ্ধান্ত লৈছে কামৰূপ জিলা প্ৰশাসনে৷ গুৱাহাটী মহানগৰীৰ শৰাইঘাটৰ নতুন আৰু পুৰণি উভয় দলঙেৰে নিয়ম উলংঘন কৰি বেআইনী ভাবে দলঙৰ ওপৰত বাহন ৰখোৱাৰ ফলত দলঙেৰে যাত্রা কৰাটাে বিপদ সংকুল হৈ পৰাৰ লগতে তীব্ৰ যান জঁটৰ সৃষ্টি হয়৷ ভাৰতৰ আন আন প্ৰান্তৰ লগত উত্তৰ-পূৰ্বাঞ্চলৰ  সংযোগস্থল গুৱাহাটীৰ শৰাইঘাট দলঙৰ ওপৰত অব্যাহত থকা এনে অব্যৱস্থাৰ ফলত বিভিন্ন সময়ত দূর্ঘটনা সংঘটিত হৈ অকালতে বহুজনৰ মৃত্যু হৈছে৷ শৰাইঘাটৰ দুয়োখন দলঙেৰে যাতায়ত ব্যৱস্থাক সুচল কৰাৰ লগতে শৃংখলাবদ্ধ কৰি তোলাৰ বাবে কামৰূপ মহানগৰ জিলা উপায়ুক্ত তথা আঞ্চলিক পৰিবহন কর্তৃপক্ষৰ অধ্যক্ষই কিছুমান নির্দেশনা জাৰি কৰিছে। এই নিৰ্দেশনা অনুসৰি প্ৰশাসনে শৰাইঘাটৰ নতুন আৰু পুৰণি দুয়োখন দলঙকে সুৰক্ষিত অঞ্চল হিচাপে ঘোষণা কৰি যিকোনো ধৰণৰ যান-বাহন ৰখোৱাত নিষিদ্ধ কৰিছে। লগতে দলঙৰ ওপৰত অযথা যান জঁট নিয়ন্ত্ৰণৰ কাৰণে শৰাইঘাট দলঙত ম’বাইলেৰে চেলফি উঠাটো নিষিদ্ধ কৰিছে। এই নির্দেশ অমান্য কৰিলে শাস্তিৰ লগতে ১০ হেজাৰ টকা পৰ্যন্ত জৰিমণা ভৰিব লাগিব। সমগ্ৰ বিষয়টো পৰ্য্যবেক্ষণ কৰিব মহানগৰ আৰক্ষীৰ পশ্চিম জিলাৰ আৰক্ষী উপ আয়ুক্তই।