গুৱাহাটী, সংবাদ ৩৬৫, ১৯ মাৰ্চ : চৰকাৰৰ ভণ্ডামিৰ বিষয়ে অসমৰ যুৱ ছাত্ৰ সমাজে কি ভাবে এই ক্ষেত্ৰত ২৩ মাৰ্চ শনিবাৰে প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত এখন আলোচনা চক্ৰৰ আয়োজন কৰিছে অসম নাগৰিক সমাজে। এই উপলক্ষে মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত অসম নাগৰিক সমাজে এখন সংবাদমেলৰ আয়োজন কৰে।

সংবাদমেলত তেওঁলোকে কয় মোদী চৰকাৰৰ বৰ বিহ সাম্প্ৰদায়িকতা। যোৱা পাঁচটা বছৰে বিজেপি চৰকাৰে ভাৰতবৰ্ষক এখন হিন্দু ৰাষ্ট্ৰৰ কথা কৈ আহিছে। অসমত বিজেপিয়ে লোৱা ভূমিকা অধিক বিপদজনক। ভোটৰ ৰাজনীতিৰ বাবেই নাগৰিকত্ব সংশোধনী বিধেয়ক আনি হিন্দু বিদেশীক স্বদেশী কৰিবলৈ তেওঁলোক বদ্ধপৰিকৰ হোৱা দেখা গৈছে। যোৱা তিনি বছৰে অসমৰ মানুহে সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজপথত আন্দোলন কৰিলে। অৱশেষত বিৰোধী দলৰ প্ৰচেষ্টাত ৰাজ্যসভাত বিল পাছ নহল।

আনহাতে দেশৰ অৰ্থনীতি শোচনীয়। কৃষকৰ আত্মহত্যাৰ ঘটনা দিনক দিনে বাঢ়ি গৈছে। শিক্ষিত যুৱকৰ কর্ম সংস্থান নাই। এফালে বৰ্তমান নিৰ্বাচনৰ বতৰত ভোট কিনিবলৈ দুখীয়া মানুহৰ একাউন্টত সুমুৱাই দিয়া হৈছে পইচা,এটকাত চাউল দিয়া হৈছে।

এনেধৰণৰ এক পৰিবেশত আজিৰ যুৱ সমাজৰ কৰ্তব্য কি? চৰকাৰৰ এনেধৰণৰ ভণ্ডামিৰ বিষয়ে সাধাৰণ মানুহক সজাগ কৰাটো তেওঁলোকৰ কৰ্তব্য হয় নে? এইক্ষেত্ৰত অসমৰ যুৱ-নেতাসকলে কি ভাবে এই বিষয়ত আলোচনা কৰিবলৈ অসম নাগৰিক সমাজৰ উদ্যোগত অহা ২৩ মাৰ্চত পুৱা ১০-৩০ বজাত মাছখোৱাৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত ” দেশৰ বৰ্তমানৰ অৱস্থা আৰু ভৱিষ্যতৰ গতিপথ” শীৰ্ষক এক যুৱ সমাৱেশৰ আয়োজন কৰা হৈছে।

এই সমাবেশত উপস্থিত থাকিব গুজৰাটৰ দলিত যুৱ নেতা জিগনেচ মেৱানি,সমুজ্জল কুমাৰ ভট্টাচাৰ্য, অখিল গগৈ,প্ৰমোদ বড়ো,পলাশ চাংমাই,পাৰভিন চুলতানা।