বৰহাট, ১ আগষ্টঃ চৰাইদেউৰ বৰহাট চাহ বাগিচাত ২০১৬-১৭ বৰ্ষৰ উচ্চ আৰু উচ্চত্বৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰী সকলক অসম উড়িয়া মহাসভাৰ অন্তৰ্গত বৰহাট বাগিচা আদৰ্শ উড়িয়া সমাজৰ উদ্যোগত বৰহাট প্ৰাথমিক বিদ্যালয়ত সম্বৰ্দ্ধনা জনোৱা হয়। ব্ৰজমোহন সোণাইৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত নাহৰপুখুৰী কেন্দ্ৰৰ সমল ব্যক্তি বিজিত তাঁতীয়ে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়। সভাত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে অসম উড়িয়া মহাসভাৰ চৰাইদেউ জিলাৰ সভাপতি মহাবীৰ তাঁতী, বিশিষ্ট সমাজ কৰ্মী দেৱৰাজ নন্দ, বৰহাট শাখা সমিতিৰ সম্পাদক লৱ বাঘ৷ সভাখন পৰিচালনা কৰে বৰহাট বাগিচা আদৰ্শ উড়িয়া সমাজৰ সম্পাদক তথা বৰহাট বাগিচা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অগষ্টি তাঁতীয়ে৷