তিতাবৰ, ১ আগষ্টঃ তিতাবৰত নিশা এক ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত হয়৷ যাত্ৰীবাহী টাটা মেজিকক একে দিশেৰে আহি থকা মালবাহী বলেৰো পিকাপে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মৰাত দুৰ্ঘটনাটো সংঘটিত হয়৷ অৱশ্যে দুৰ্ঘটনাত কোনো লোক হতাহত হোৱা নাই৷ প্ৰাপ্ত তথ্য মতে, তিতাবৰৰ ৰঙাজান ধলি তিনিআলিত এএছ-০৩এচি-৭০১২ নম্বৰৰ মেজিকখনে যাত্ৰী নমাওতে এএছ-০৫চি-১৪৯১ নম্বৰৰ দ্ৰুত বেগী মালবাহী বলেৰো পিকাপখনে পিছ ফালৰ পৰা খুন্দা মাৰে৷ দুৰ্ঘটনাত মেজিকখনৰ কেবাগৰাকী যাত্ৰী গুৰুতৰ ভাবে আহত হয়। আনহাতে দুৰ্ঘটনা সংঘটিত কৰি বলেৰো পিকাপ খনৰ চালকে ঘটনাস্থলীৰ পৰা  পলায়ন কৰে৷ তিতাবৰ আৰক্ষী  ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে৷