গুৱাহাটী, ৭ আগষ্ট, ২০২৩ : সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে গণচেতনতা অভিযানৰ অংশ হিচাপে অসম জাতীয় পৰিষদে ৰাজ্যজুৰি জিলাই জিলাই নাগৰিক সভা (Civil Society Meeting) অনুষ্ঠিত কৰি ৰাইজক সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে সতৰ্ক হৈ থাকিবলৈ আহ্বান জনায়৷ জাতীয়তাবাদী ৰাজনৈতিক দলটোৰ আশংকা, ২০২৪ ৰ নিৰ্বাচনৰ বাবে ৰাইজৰ ওচৰলৈ যাবলৈ ইছ্যু নাইকীয়া হৈ পৰা বিজেপিয়ে দেশ তথা অসমত সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টিৰ ষড়যন্ত্ৰ ৰচনা কৰিছে৷ বিশেষকৈ মণিপুৰ আৰু হাৰিয়ানাৰ গোষ্ঠী সংঘৰ্ষ আৰু অসমৰ মঙলদৈত বজৰং দলে মুকলিকৈ অস্ত্ৰ প্ৰশিক্ষণ প্ৰদানৰ ঘটনাই চৌদিশে উদ্বিগ্নতাৰ সৃষ্টি কৰাৰ সময়ত অভিযুক্তৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ সলনি শাসক দলৰ একাংশ নেতা-মন্ত্ৰীয়ে উক্ত ঘটনাসমূহক ন্যায্যতা প্ৰদানৰ প্ৰচেষ্টা চাই থকা আৰু আন একাংশ নেতাই মুকলিকৈ সাম্প্ৰদায়িক বিদ্বেষ সৃষ্টি কৰিব পৰা বক্তব্য প্ৰদান কৰি থকাৰ পিছতো আৰক্ষী-প্ৰশাসন নিৰৱে বহি থকা বিষয়টোৱে চৰকাৰ তথা শাসনাধিষ্ঠিত দলৰ ষড়যন্ত্ৰক উদঙাই দিয়া বুলি মন্তব্য কৰি জাতীয় পৰিষদৰ নেতাসকলে।

সোমাবাৰে ৰাজ্যৰ বিভিন্ন ঠাইত অনুষ্ঠিত হোৱা সভাসমূহত সাম্প্ৰদায়িক সংঘাত ৰোধ কৰিব নোৱাৰিলে অসমৰ আৰ্থ-সামাজিক বিকাশ সাধন কৰাটো কোনো অৱস্থাতে সম্ভৱ নহয় বুলি দলটোৰ ফালৰ পৰা প্ৰকাশ কৰা হয়। উল্লেখ্য যে মঙলদৈৰ অস্ত্ৰ চালনা আৰু একাংশ শাসকীয় নেতাৰ উগ্ৰ সাম্প্ৰদায়িক বক্তব্য প্ৰদান তথা উক্ত ঘটনাসমূহৰ প্ৰতিবাদৰ নামত বিপৰীত পক্ষৰ একাংশ নেতা-সংগঠনে প্ৰতিক্ৰিয়াশীল বক্তব্য প্ৰদান কৰালৈ চাই ৰাজ্যত অচিৰেই সাম্প্ৰদায়িক সংঘাত প্ৰখৰ হৈ পৰাৰ সম্ভাৱনা ব্যক্ত কৰি সেয়া প্ৰতিৰোধৰ অৰ্থে জনমত সৃষ্টি কৰিবলৈ অসম জাতীয় পৰিষদে এলানি কাৰ্যসূচীৰ আয়োজন কৰিছে৷ তাৰ অংশ স্বৰূপে যোৱা ৫ আগষ্টৰ দিনা দলটোৱে গুৱাহাটীৰ মাছখোৱা সাংস্কৃতিক প্ৰকল্পত কেন্দ্ৰীয়ভাৱে এখন নাগৰিক সভাৰ আয়োজন কৰে৷ উক্ত সভাত ৰাজ্যৰ বিভিন্ন খণ্ডৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰাৰ লগতে বৰেণ্য চিন্তাবিদ ডঃ হীৰেন গোঁহাইয়ে সভাখনলৈ শুভেচ্ছা পঠিওৱাৰ লগতে সভাৰ প্ৰস্তাৱত স্বাক্ষৰ কৰি ৰাজ্যবাসীক সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দিবলৈ আহ্বান জনায়৷

উক্ত গণ সচেতনতা অভিযানৰ অংশ স্বৰূপে সোমবাৰে দলৰ ১৯ খন জিলা সমিতিয়ে নিজ নিজ ঠাইত নাগৰিক সভাৰ আয়োজন কৰে৷ দলৰ সভাপতি লুৰীণ জ্যোতি গগৈয়ে ডিব্ৰুগড়ৰ পেঞ্চনাৰ ভৱনত আয়োজিত নাগৰিক সভাত ভাগ লয়৷ দলৰ সাধাৰণ সম্পাদক তথা প্ৰাক্তন মন্ত্ৰী জগদীশ ভূঞা উপস্থিত থাকে দলৰ কামৰূপ জিলাৰ মিৰ্জা দূৰ্গা মন্দিৰত আয়োজিত নাগৰিক সভাত৷ ধেমাজিৰ দ্য ব্লেন্ট হোটেলৰ সভাগৃহত নাগৰিক সভাত অংশগ্ৰহণ কৰে দলৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক ৰাজু ফুকনে৷ ৰাজ্যৰ অন্যান্য জিলাসমূহৰ ভিতৰত দলৰ তিনিচুকীয়া জিলা সমিতিয়ে নগৰখনৰ বৰদলৈ নগৰস্থিত দলীয় কাৰ্যালয় চৌহদত, শিৱসাগৰ জিলা সমিতিয়ে কে পি চাৰিআলিস্থিত এডুটেক একাডেমীত, যোৰহাট জিলা সমিতিয়ে তৰাজান দেৱদাৰু পথস্থিত দলীয় কাৰ্যালয়ত, যোৰহাটৰে তিতাবৰ সমষ্টি কমিটীয়ে নিজ কাৰ্যালয় চৌহদত, গোলাঘাট জিলা সমিতিয়ে গোলাঘাট নামবৰ গেষ্ট হাউছত, মাজুলী জিলা সমিতিয়ে নয়াবজাৰ ৰতনপুৰ মিৰি খেলপথাৰত, নগাঁও জিলা সমিতিয়ে নগাঁও সাহিত্য সভা ভৱনত, হোজাই জিলা সমিতিয়ে ফৰমাৰপাৰ হাইস্কুল চৌহদত, বৰপেটা জিলা সমিতিয়ে বৰপেটা চহৰৰ পূৰ্বাঞ্চল বিবাহ ভৱনত, বজালী জিলা সমিতিয়ে দলীয় কাৰ্যালয় চৌহদত, কোকৰাঝাৰ জিলা সমিতিয়ে কমল নাথ পুথিভঁৰালত, হাইলাকান্দি জিলা সমিতিয়ে চহৰৰ হস্পিটেল চৌমাতাত, কাছাৰ জিলা সমিতিয়ে মধুৰবন্দ চেন্ট্ৰেল বিবাহ ভৱনত, ধুবুৰীৰ দলীয় কৰ্মী-সমৰ্থকসকলে বিলাসীপাৰা ৰাজহুৱা মঞ্চতত নাগৰিক সভা অনুষ্ঠিত কৰে৷

লক্ষ্যণীয় যে ৰাজনৈতিক দলৰ দ্বাৰা আয়োজিত অনুষ্ঠান হ’লেও জাতীয় পৰিষদৰ উক্ত নাগৰিক সভাসমূহত সংশ্লিষ্ট ঠাইসমূহৰ বিভিন্ন বৰ্গৰ অনেক গণ্য-মান্য বিশিষ্ট ব্যক্তিয়েও অংশগ্ৰহণ কৰে৷ কামৰূপ জিলা সমিতিৰ দ্বাৰা আয়োজিত নাগৰিক সভাত ৰাজ্যৰ বিশিষ্ট চিন্তাবিদ তথা শিক্ষাবিদ ডঃ অপূৰ্ব কুমাৰ বৰুৱাই অংশগ্ৰহণ কৰি ভাষণ দিয়ে৷ ডিব্ৰুগড়ৰ পেঞ্চনাৰ ভৱনত আয়োজিত নাগৰিক সভাত অংশগ্ৰহণ কৰি দলৰ সভাপতি লুৰীণ জ্যোতি গগৈয়ে কয় যে ২০১৪ চনত ভাল দিন, মূল্য বৃদ্ধি নিয়ন্ত্ৰণ, ক’লা টকা উভতাই অনা আদি ইছ্যু লৈ বিজেপি ৰাইজৰ ওচৰলৈ গৈছিল৷ ২০১৯ ৰ নিৰ্বাচনত পুলৱামাৰ সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰসংগত দেশৰ সুৰক্ষাৰ বিষয়ক লৈ ৰাইজৰ ওচৰত ভোট ভিক্ষা কৰিছিল বিজেপিয়ে৷ কিন্তু সেই নিৰ্বাচনসমূহত দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰাত এইবাৰ ২০২৪ ৰ নিৰ্বাচনৰ আগে আগে ৰাইজৰ ওচৰলৈ যাবলৈ বিজেপিৰ ওচৰত একো ইছ্যু নাই৷ দিল্লীৰ ৯ বছৰীয়া আৰু ৰাজ্যৰ ৭ বছৰীয়া অপশাসনে বিজেপিক ৰাইজৰ ওচৰত অপ্ৰিয়পাত্ৰ
কৰি তুলিছে৷ সেই কাৰণে পূৰ্বৰ প্ৰতিশ্ৰুতিৰ কথাবোৰ ৰাইজৰ মনৰ পৰা আঁতৰাই দেশত সাম্প্ৰদায়িক উন্মাদনাৰ পৰিৱেশ সৃষ্টিৰ উদ্দেশ্যে বিজেপি দল আৰু চৰকাৰে সাম্প্ৰদায়িক বিদ্বেষ সৃষ্টিৰ ষড়যন্ত্ৰৰে দেশত ঘৃণাৰ বিষবাষ্প বিয়পাই আছে৷

এই কথাবোৰ উপলব্ধি কৰি ৰাইজ আগবাঢ়িলে দেশ বা ৰাজ্যক সাম্প্ৰদায়িক সংঘৰ্ষৰ পৰা ৰক্ষা কৰিব পৰা যাব৷ লুৰীণ জ্যোতি গগৈয়ে লগতে কয় যে ইতিহাস সাক্ষী সাম্প্ৰদায়িক বিভাজনে কোনো দেশ, ৰাজ্য বা সমাজৰ কল্যাণ সাধন কৰা নাই৷ বৰং সমাজ ধ্বংস কৰিছে, দেশ বা ৰাজ্যক আৰ্থ-সামাজিকভাৱে কোঙা কৰিছে৷ ৰাইজে ধৰ্ম খাই জীয়াই নাথাকে বুলি উল্লেখ কৰি লুৰীণ জ্যোতি গগৈয়ে কয় যে বিজেপিয়ে ধৰ্মৰ তুলাচনিৰে জুখি মানুহৰ মূল্য নিৰ্ধাৰণ কৰে৷ কিন্তু আচলতে তেওঁলোকে খাদ্য তথা অন্য প্ৰয়োজনীয় সামগ্ৰীৰ মূল্যহে হ্ৰাস কৰিব লাগিছিল৷ বিজেপিয়ে চলাই থকা পৰিৱেশ অব্যাহত থাকিবলৈ দিলে দেশ তথা ৰাজ্যক দৰিদ্ৰতাই অধিক কোঙা কৰিব বুলি লুৰীণ জ্যোতি গগৈয়ে আশংকা ব্যক্ত কৰে৷