গুৱাহাটী, ৮ আগষ্ট, ২০২৩ : গুৱাহাটী মহানগৰীৰ কাহিলীপাৰাৰ দক্ষিণগাঁৱত নিশা আৰক্ষীৰ অভিযান। আৰক্ষীৰ অভিযানকালত জব্দ বৃহৎ পৰিমাণৰ নকল টকা আৰু নকল সোণ (Fake Currency and Fake Gold)। দক্ষিণগাঁৱত হাউচ নম্বৰ ২০ ৰ পৰা জব্দ নকল টকা আৰু নকল সোণ জব্দ কৰে ভগদত্তপুৰ আৰক্ষীৰ এটা দলে। ভগদত্তপুৰ আৰক্ষীৰ জালত পৰিছে নকল টকা আৰু নকল সোণৰ চক্ৰৰ লগত জড়িত দুজন যুৱক।

ৰাজ্যত ক্ৰমাৎ অধিক সক্ৰিয় হৈ পৰিছে নকল টকা আৰু নকল সোণৰ চক্ৰ। আৰক্ষীয়ে বিভিন্ন সময়ত অভিযান চলাই নকল টকা আৰু নকল সোণৰ চক্ৰৰ লগত।জড়িত বহু লোকক আটক কৰিছে যদিও এতিয়াও এতিয়াও সম্পূৰ্ণৰূপে নিৰ্মূল কৰিব পৰা নাই এই চক্ৰক। পুনৰ বাৰ ৰাজ্যত বৃহৎ পৰিমাণৰ নকল টকা আৰু নকল সোণৰ লগত আটক হৈছে এই চক্ৰৰ লগত জড়িত দুজন যুৱক। মহানগৰী গুৱাহাটীৰ পৰাই যুৱক দুজনে চলাই আছিল এই চক্ৰ।

সোমবাৰে নিশাৰ ভাগত এক গোপন খবৰৰ ভিত্তিত আৰক্ষী বিষয়া মাইনা দাসৰ নেতৃত্বত ভগদত্তপুৰ আৰক্ষীৰ এটা দলে অভিযান চলাই বৃহৎ পৰিমাণৰ নকল টকা আৰু নকল সোণসহ দুজন যুৱকক জালত পেলাবলৈ সক্ষম হয়। নিশা কাহিলীপাৰাৰ দক্ষিণগাঁও অঞ্চলত থকা হাউচ নম্বৰ ২০ ত আৰক্ষীৰ দলটোৱে অভিযান চলাই জব্দ কৰে ১ লাখ ৩ হাজাৰ ৫০০ টকাৰ নকল টকাৰ লগতে নকল সোণৰ মূৰ্তি আৰু অলংকাৰ। নকল টকা আৰু নকল সোণৰ চক্ৰৰ লগতে জড়িত থকা ৰচিদুল হক আৰু ফাৰুক আহমেদ নামৰ দুজন যুৱক আৰক্ষীৰ দলটোৰ জালত পৰিছে।

যুৱক দুজন লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ বুলি জানিব পৰা গৈছে। অভিযানকাৰী আৰক্ষীৰ দলটোৱে যুৱক দুজনৰ কবলৰ পৰা ১ লাখ ৩ হাজাৰ ৫০০ টকাৰ নকল ৫০০ টকীয়া নোট, নকল সোণৰ মূৰ্তি, নকল সোণৰ অলংকাৰ, নকল টকা বনোৱা এটা মেচিন আৰু মোবাইল ফোন জব্দ কৰিছে। ধৃত যুৱক দুজন চাৰি মাহ পূৰ্বে দক্ষিণগাঁও অঞ্চলত থকা হাউচ নম্বৰ ২০ ত ঘৰ ভাড়া লৈ থাকিবলৈ আৰম্ভ কৰিছিল।

আৰক্ষীয়ে জানিবলৈ দিয়ে যে যুৱক দুজনে ভাড়া ঘৰত থাকি নকল টকা আৰু নকল সোণৰ চক্ৰটো চলাই আছিল। আৰক্ষীয়ে দুয়োকে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে। উল্লেখ্য যে আৰক্ষী বিষয়া জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ পিছতে লখিমপুৰ জিলাৰ পৰা নকল টকা আৰু নকল সোণৰ চক্ৰ চলি থকাৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছিল। এই চক্ৰটোৰ বিৰুদ্ধে আৰক্ষীয়ে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে।