নিউজ ডেস্ক, ১ এপ্ৰিল, ২০২৪ : অসমে মধ্যপ্ৰদেশৰ গোৱালিয়ৰত অনুষ্ঠিত ৩২ সংখ্যক ৰাষ্ট্ৰীয় পেৰা সাঁতোৰ প্ৰতিযোগিতাত মুঠ ১০ টা পদক লাভ কৰি গৌৰৱৰে অভিযান সামৰিছে৷ সোমবাৰে সামৰণি পৰা প্ৰতিযোগিতাখনত অসমে পাঁচটা সোণ, দুটা ৰূপ আৰু তিনিটা ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়৷ পেৰালিম্পিক এছ’চিয়েচন অৱ অসমৰ (Peralimpic Association Of Assam) সাধাৰণ সম্পাদক তথা আন্তৰ্জাতিক পৰ্যায়ৰ সাঁতোৰ প্ৰশিক্ষক ৰাজীব দে জনোৱা অনুসৰি তিনিদিনীয়া প্ৰতিযোগিতাখনৰ অন্তিম দিনটোত অসমে তিনিটা সোণসহ পাঁচটা পদক লাভ কৰে৷

ইয়াৰপূৰ্বে প্ৰতিযোগিতাৰ প্ৰথম দিনটোতে অসমে দুটা সোণ, দুটা ৰূপ আৰু এটা ব্ৰঞ্জসহ মুঠ পাঁচটা পদক লাভ কৰি চমকপ্ৰদ আৰম্ভনি কৰিছিল৷ সোমবাৰে অসমৰ হৈ ইয়েছমিনা খাতুনে পুনৰ এটা সোণ লাভ কৰাৰ বিপৰীতে কৃষ্ণ দাসে দ্বিতীয় দিনা পুনৰ দুটাকৈ সোণ লাভ কৰি প্ৰতিযোগিতাত স্বৰ্ণ জয়ৰ হেট্ৰিক অৰ্জন কৰে৷ উল্লেখ্য যে অসম কন্যা ইয়েছমিনাই সোমবাৰে এশ মিটাৰ ব্ৰেষ্ট ষ্ট’কত সোণ লাভ কৰি প্ৰতিযোগিতাত দ্বিতীয়টো সোণ তথা সামগ্ৰিকভাৱে তৃতীয়টো পদক জয় কৰে৷ ইয়াৰপূৰ্বে প্ৰতিযোগিতাৰ প্ৰথম দিনা ইয়েছমিনাই এটা সোণ আৰু এটা ৰূপৰ পদক লাভ কৰিছিল৷

ছাৱ-জুনিয়ৰ ছোৱালীৰ এছ-১০ শাখাত খেলা অসমৰ বৰপেটাৰ কিশোৰী ইয়েছমিনাই ৫০ মিটাৰ ব্ৰেষ্ট ষ্ট’কত সোণ লাভ কৰাৰ লগতে এশ মিটাৰ ফ্ৰীষ্টাইলত ৰূপৰ পদক অৰ্জন কৰি অসম দলক প্ৰত্যাশিত আৰম্ভনি দিছিল৷ ইফালে, প্ৰথমদিনা অসমক দ্বিতীয়টো সোণৰ পদক দিয়া কৃষ্ণই সোমবাৰে এশ মিটাৰ ৱাটাৰফ্লাই আৰু এশ মিটাৰ ব্ৰেষ্টষ্ট’কত সোণ অৰ্জন কৰি ব্যক্তিগতভাৱে প্ৰতিযোগিতাত তৃতীয়টো সোণ লাভ কৰে৷ উল্লেখ্য যে জুনিয়ৰ ল’ৰাৰ এছ-১৪ শাখাত খেলা কামৰূপ মহানগৰ জিলাৰ সাঁতোৰবিদ কৃষ্ণই দেওবাৰে দুশ মিটাৰ ফ্ৰীষ্টাইলত সোণ অৰ্জন কৰিছিল৷

আনহাতে, অসমৰ আন্তৰ্জাতিক পেৰা সাঁতোৰবিদ আনোৱাৰ ছিকদাৰেও সোমবাৰে এশ মিটাৰ ব্ৰেষ্ট ষ্ট’কত ব্ৰঞ্জ লাভ কৰি ব্যক্তিগতভাৱে দ্বিতীয়টো পদক জয় কৰে৷ বৰপেটা জিলাৰ অভিজ্ঞ পেৰা সাঁতোৰ খেলুৱৈ গৰাকীয়ে দেওবাৰে পুৰুষৰ এছ বি-৮ শাখাত অংশ লৈ ৫০ মিটাৰ ব্ৰেষ্ট ষ্ট’কত ৰূপ অৰ্জন কৰিছিল৷ ইফালে, প্ৰথমদিনা অসমৰ হৈ একমাত্ৰ ব্ৰঞ্জৰ পদক লাভ কৰা ছাজিদা বেগমে সোমবাৰে পুনৰ এশ মিটাৰ ব্ৰেষ্ট ষ্ট’কত তৃতীয় স্থান লাভ কৰি পদক হস্তগত কৰে৷ মহিলাৰ এছ বি-৯ শাখাত খেলা বৰপেটাৰ ছাজিদাই প্ৰথমদিনা ৫০ মিটাৰ ব্ৰেষ্ট ষ্ট’কত ব্ৰঞ্জৰ পদক অৰ্জন কৰিছিল৷

অসম পেৰা সাঁতোৰ দলৰ এই অনবদ্য প্ৰদৰ্শনৰ বাবে পেৰালিম্পিক এছ’চিয়েচন অৱ অসমৰ মুখ্য পৃষ্ঠপোষক ৰিনিকী ভূঞা শৰ্মা, সভাপতি চন্দন বৰুৱা আৰু সাধাৰণ সম্পাদক ৰাজীব দে’ৰ লগতে সন্থাৰ অন্যান্য বিষয়ববীয়াসকলে পদকজয়ী পেৰা সাঁতোৰবিদসকলক অভিনন্দন জনাইছে৷ আনহাতে, যিসকল খেলুৱৈয়ে পদক নাপালে তেওঁলোককো সন্থাই শ্ৰেষ্ঠ প্ৰদৰ্শন কৰাৰ বাবে ধন্যবাদ জনোৱাৰ লগতে অনাগত প্ৰতিযোগিতালৈ শুভেচ্চা জনাইছে৷ উল্লেখ্য যে প্ৰতিযোগিতাখনত অসমৰ ১৬ জনীয়া সদস্যৰ এটা দলে অংশগ্ৰহণ কৰিছিল৷ দিব্যাংগ হোৱাৰ পাছতো অদম্য সাহস আৰু মানসিক দৃঢ়তাৰে সমাজৰ বাবে আদৰ্শ হৈ ৰাজ্যক প্ৰতিনিধিত্ব কৰি অসমক গৌৰৱান্বিত কৰিছে পেৰা সাঁতোৰবিদসকলে৷