নিউজ ডেস্ক, ৩১ মাৰ্চ, ২০২৪ : উত্তৰ পূব সীমান্ত ৰে’লৱেৰ (NF Railway) ৰে’ল সুৰক্ষা বাহিনীয়ে ৰে’লৱে ক্ষেত্ৰৰ ভিতৰত অসামাজিক ব্যৱসায় আৰু কাৰ্যকলাপৰ বিৰুদ্ধে অভিযান চলাই প্ৰায় ৯.১৯ লাখ টকা মূল্যৰ ৯১ কিলোগ্ৰামৰো অধিক ওজনৰ গাঞ্জা জব্দ কৰে। ২৭ আৰু ২৮ মাৰ্চত আৰপিএফৰ দ্বাৰা উত্তৰ পূব সীমান্ত ৰে’লৱেৰ বিভিন্ন ষ্টেচন আৰু ৰে’°লত চলোৱা নিয়মীয়া অনুসন্ধান আৰু অভিযানৰ সময়ত নিষিদ্ধ সামগ্ৰীসমূহ উদ্ধাৰ কৰা হয়।

২৮ মাৰ্চত আগৰতলা ৰে’ল ষ্টেচনত নিয়মীয়া অনুসন্ধান আৰু অভিযানৰ সময়ত আইটি চেল/লামডিঙৰ সৈতে আৰপিএফ আৰু জিআৰপি/আগৰতলাৰ এটা যুটীয়া দলে ২ জন লোকক আটক কৰে। দলটোৱে প্ৰায় ৩.৯০ লাখ টকা মূল্যৰ ৩৯ কিলোগ্ৰাম গাঞ্জা জব্দ কৰে। গাঞ্জাখিনি চাৰিটা বেগত লুকুৱাই ৰখা হৈছিল। একেদিনাই আন এক অভিযানত ৰঙিয়াৰ ৰে’লৱে সুৰক্ষা বাহিনীৰ দলে ১২৫২০ ডাউন (আগৰতলা-লোকমান্য তিলক) এক্সপ্ৰেছ ৰে’লৰ পৰা প্ৰায় ১.৫৫ লাখ টকা মূল্যৰ ১৫.৫ কিলোগ্ৰাম গৰাকীবিহীন গাঞ্জা উদ্ধাৰ কৰে।

অভিযানকাৰী দলটোৱে উদ্ধাৰ হোৱা গাঞ্জাৰ সৈতে আটক হোৱা লোক কেইজনক পৰৱৰ্তী পদক্ষেপৰ বাবে আগৰতলা আৰু ৰঙিয়াৰ সংশ্লিষ্ট জিআৰপিক গতাই দিয়ে। একেদৰে, ২৭ মাৰ্চত আগৰতলা আৰু ধৰ্মনগৰৰ ৰে’লৱে সুৰক্ষা বাহিনীৰ দলে সংশ্লিষ্ট ৰে’ল ষ্টেচনত নিয়মীয়া অনুসন্ধান চলাই থকা অৱস্থাত প্ৰায় ৩৭.৪ কিলোগ্ৰাম গাঞ্জা উদ্ধাৰ কৰে। আগৰতলা ৰে’ল ষ্টেচনত এই সন্দৰ্ভত এজন লোকক আটক কৰা হৈছিল আনহাতে ধৰ্মনগৰ ষ্টেচনত উদ্ধাৰ হোৱা গাঞ্জাখিনি গৰাকীবিহীন আছিল। উদ্ধাৰ হোৱা গাঞ্জাখিনিৰ মূল্য প্ৰায় ৩.৭৪ লাখ টকা বুলি অনুমান কৰা হৈছে।

পিছত উদ্ধাৰ হোৱা গাঞ্জাখিনিৰ লগতে আটকাধীন লোক দুজনক পৰৱৰ্তী পদক্ষেপৰ বাবে আগৰতলা আৰু ধৰ্মনগৰৰ সংশ্লিষ্ট জিআৰপি পোষ্টত গতাই দিয়া হয়। ইয়াৰ উপৰিও, উত্তৰ পূব সীমান্ত ৰে’লৱেৰ আৰপিএফ বাহিনীয়ে অবৈধ ড্ৰাগছ আৰু সামগ্ৰীৰ ব্যৱসায় নিয়ন্ত্ৰণ কৰিবলৈ ৰে’ল চৌহদৰ ভিতৰত অন্যান্য অপৰাধমূলক কাৰ্যকলাপৰ বিৰুদ্ধে বিভিন্ন অভিযান চলায়। ২৬ মাৰ্চত ডিমাপুৰ ৰে’ল ষ্টেচনত ডিমাপুৰ পোষ্টৰ আৰপিএফ দলে ৰে’ল যাত্ৰীসকলক অচেতন কৰি লুটি নিয়া দলৰ এজন লোকক আটক কৰে।

অভিযানকাৰী দলটোৱে আটকাধীন লোকজনৰ পৰা ২০ টা নিচাযুক্ত দ্ৰব্য উদ্ধাৰ কৰাৰ লগতে বিস্কুটৰ পেকেট, নগদ ধন, শীতল পানীয় আৰু এটা মোবাইল ফোন উদ্ধাৰ কৰে। ৰে’লৱে সুৰক্ষা বাহিনী (আৰপিএফ)ৰ ওপৰত ৰে’লৰ সম্পত্তি আৰু যাত্ৰী ক্ষেত্ৰ সুৰক্ষিত কৰি ৰখা আৰু সুৰক্ষা কবচ প্ৰদানৰ দায়িত্ব ন্যস্ত কৰা হৈছে যাতে ৰে’লৱে চৌহদ আৰু ৰে’ল চলাচলত যিকোনো অসামাজিক কাৰ্যকলাপ আৰু ব্যৱসায় নিৰ্মূল কৰি ইয়াক সুৰক্ষিত জ’ন ৰূপে গঢ়ি তুলিব পাৰে।