বৰপেটা, সংবাদ ৩৬৫, ৮ জুলাই : এইবাৰ অসম পুলিচৰ অৱসৰপ্ৰাপ্ত হাবিলদাৰৰ বিৰুদ্ধে বিদেশীৰ জাননী। ১৯৯৭ চনৰ ভোটাৰ তালিকাত বহা ‘ডি’ বিৰুদ্ধে ২০১৩ চনত আইনী যুঁজৰ অন্তত ভাৰতীয় বুলি ন্যায় পাইছিল । কিন্তু চলিত বৰ্ষৰ জুন মাহত পুনৰ তেওঁৰ বিৰুদ্ধে আহে বিদেশী ন্যায়াধীকৰণৰ জাননী।

অসম পুলিচৰ এই দুৰ্ভগীয়া অৱসৰপ্ৰাপ্ত হাবিলদাৰজন হৈছে বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত গুইলেজা গাঁওৰ সাবান আলীৰ পুত্ৰ আব্দুল বাৰেক। ১৯৮৭ চনত অসম বেটলিয়নত যোগদান কৰা আব্দুল বাৰেকে পৰৱৰ্তী সময়ত অসম আৰক্ষীৰ হাবিলদাৰ হিচাপে অৱসৰ গ্ৰহণ কৰে। এই আব্দুল বাৰেকৰ পিতৃ সাবান আলীৰ নামত ১৯৫১ চনৰ এন আৰ চিত আৰু ১৯৫৩, ১৯৫৬, ১৯৬৬, ১৯৭০ চনৰ ভোটাৰ তালিকাত নাম সন্নিৱিষ্ট থকাৰ উপৰিও সকলো ধৰণৰ নথিপত্ৰ আছে।

ইমানখিনি নথিপত্ৰৰ ভিত্তিত ২০১৩ চনত ‘ডি’ ভোটাৰৰ গোচৰত বিদেশী ন্যায়াধীকৰণৰ পৰা ন্যায় পোৱাৰ পিছত পুনৰ তেওঁৰ বিৰুদ্ধে বিদেশী ন্যায়াধীকৰণৰ পৰা বিদেশী বুলি জাননী অহাত তেওঁ পুনৰ আইনী যুজঁ দিবলৈ সাজু হৈছে।

আব্দুল বাৰেকে এই বিষয়ত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হস্তক্ষেপ কামনা কৰি কয় যে, মহমান্য আদালতৰ পৰা ভাৰতীয় বুলি ন্যায় পোৱাৰ পিছত পুনৰ কিয় জাননী প্ৰেৰণ কৰিলে বুলি প্ৰশ্ন কৰে।