গুৱাহাটীৰ পৰা নন্দিনী মহন্ত, সংবাদ ৩৬৫, ৯ জুলাই : দীঘলীয়া কামৰ অন্তত যেতিয়া আমাৰ দেহাটো ক্লান্ত হৈ পৰে, সেই ক্লান্তি দূৰ কৰিবৰ বাবে একাপ চাহৰ প্রয়োজন অনুভৱ কৰা যায়। সকলোৱে ধাৰণা কৰে যে একাপ চাহে মনটোক প্রফুল্লিত কৰাৰ লগতে শৰীৰটো সুস্থ অৱস্থাত ৰাখে। ইয়াৰ কাৰণ হ’ল, চাহ ৰাগিয়াল বস্তু যদিও ইয়াৰ দ্বাৰা মস্তিস্কৰ বিশেষ ক্ষতি নোহোৱা হেতু বিজ্ঞানেও চাহক এবিধ উপকাৰী পানীয় হিচাপেই ব্যৱহাৰ কৰে। পিছে এতিয়াৰে পৰা এই চাহৰ জুতি বেলেগ ধৰণেৰে লব পাৰিব। জলকীয়া চাহৰ জুতি লব পাৰিব ৰাইজে।

জলকীয়াৰে এসাজ জুতি লগাই খাইছে। চালাড, মাছ-মাংস আদি এসাজ জুতি লগাই জলকীয়াৰে খোৱাৰ আমেজেই সুকীয়া। কিন্তু ভোট জলকীয়াৰে চাহ খাই নিশ্চয় পোৱা নাই । শুনি আচৰিত যেন লাগিলেও এইয়াই সত্য । জলকীয়াৰে চাহ প্ৰস্তুত কৰিছে এগৰাকী প্ৰসিদ্ধ ব্যৱসায়ীয়ে।

বিশ্বত পোন প্ৰথমবাৰৰ বাবে ভোট জলকীয়াৰে তৈয়াৰী চাহৰ সোৱাদ ল’ব পাৰিব । মঙ্গলবাৰৰ পৰা গুৱাহাটীৰ ২৫ খনকৈ বিপনীত উপলব্ধ হোৱাৰ লগতে অনলাইনযোগেও উপলব্ধ হ’ব এই ভোট জলকীয়াৰ চাহ। এৰমিকা ফাইয়েৰী টি নামৰ এই বিশেষ চাহ ঢেকীচাহপাত আৰু ভোট জলকীয়াৰ মিশ্ৰণৰ চাহ প্ৰস্তুত কৰি উলিয়াইছে “টেণ্ডাৰ বাড্চ ট্ৰিচ এণ্ড ক্ৰাফ্ট প্ৰাইভেট লিমিটেড” প্ৰতিষ্ঠানৰ সঞ্চালক ৰঞ্জিত বৰুৱাই। ভোট জলকীয়াৰে তৈয়াৰী এই চাহ যদিও জ্বলা কিন্তু ই যথেষ্ট সোৱাদেৰে ভৰা। ভোট জলকীয়াৰ লগতে আদা আৰু নেমু গুড়িৰ মিশ্ৰণেৰে তৈয়াৰ কৰা হৈছে এই চাহ। ৭০ গ্ৰাম এই চাহৰ মূল্য ৪০০ টকা।

উল্লেখযোগ্য যে বহিৰাগত দেশত কেচা জলকীয়াৰে যদিও চাহ প্ৰস্তুত কৰা হয় কিন্তু ভোট জলকীয়াৰে বিশ্বৰ কোনো এখন দেশতে প্ৰস্তুত কৰা হোৱা নাছিল। লক্ষ্যণীয় যে ২০১৩ চনত গিনীজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত আটাইতকৈ জলকীয়া জ্বলা হিচাপে ভোট জলকীয়া আছিল যদিও পৰৱৰ্তী সময়ত আমৰিকাৰ কেৰলীনা ৰিপাৰ নামৰ জলকীয়াটো সৰ্বোত্তম জ্বলা জলকীয়া হিচাপে পৰিগণিত হয়।

ভোট জলকীয়াৰ বহুতো ঔষধি গুণাগুণ আছে। ই মাধুমেহৰ লগতে বিভিন্ন ৰোগ নিৰাময়ত ঔষধ হিচাপে কাম কৰে। তাৰোপৰি ইয়াত ভিটামিন চি পোৱা যায়। চাহৰো বহু গুণাগুণ আছে। চাহ আৰু ভোটজলকীয়াৰ এই মিশ্ৰণে স্বাস্থ্যৰ পক্ষে লাভজনক।

মন কৰিবলগীয়া যে ভোট জলকীয়া উত্তৰ পূৱৰ অসম, নাগালেণ্ড আৰু মণিপুৰত যথেষ্ট পৰিমাণে পোৱা যায়। ৰঞ্জিত বৰুৱাই কয় যে যিসকল খেতিয়কে এই ভোট জলকীয়াৰ খেতি কৰে তেওঁলোকৰ পৰাহে তেওঁ এই ভোট জলকীয়া ক্ৰয় কৰে। কিয়নো খেতিয়কসকলে বিশেষ ভাৱে লাভান্বিত হওঁক সেই উদ্দেশ্যে তেওঁ এই লক্ষটো বাছি লয়।

“টেণ্ডাৰ বাড্চ ট্ৰিচ এণ্ড ক্ৰাফ্ট প্ৰাইভেট লিমিটেড “প্ৰতিষ্ঠানটো ২০১৮ চনৰ নৱেম্বৰ মাহত স্থাপন হৈছিল। এই ব্যৱসায়ৰ জৰিয়তে বহু লোকৰ সংস্থাপন দিছে বিশেষকৈ মহিলাসকল যথেষ্ট উপাৰ্জনমুখী হৈছে। এই প্ৰতিষ্ঠানে বৰ্তমানলৈ ১৮ বিধ বিশেষ চাহ তৈয়াৰ কৰি উলিয়াইছে। যেনে- অপৰাজিতা ফুলৰ ব্লু টি, চেফৰণ টি ইত্যাদি।

উল্লেখযোগ্য যে বহুতো চাহ কোম্পানীয়ে বিশেষ ধৰণৰ চাহ প্ৰস্তুত কৰিব ধৰিছে। দাৰ্জিলিং টি, নিলগৰি টি আৰু চীনত উৎপাদন হোৱা বিশেষ চাহে অসমৰ চাহক প্ৰত্যহ্বান দিছে।

ভাতৰ লগত ভোট জলকীয়াই অতীজৰে পৰা সোৱাদ জগাই আহিছে কিন্তু ভোট জলকীয়াৰ চাহ মানুহৰ মাজত কিমান জনপ্ৰিয় হব সেইটোহে লক্ষণীয় হব।