গুৱাহাটী : ড্ৰাগছৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰি অসমক ড্ৰাগছমুক্ত কৰাৰ বাবে অসম আৰক্ষীয়ে গ্ৰহণ কৰা পদক্ষেপ দিনক দিনে অধিক কঠোৰ হোৱা পৰিলক্ষিত হৈছে। ৰাজ্যজুৰি অসম আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰাখি এটাৰ পিছত আনটো বৃহৎ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। ড্ৰাগছ বিৰোধী অভিযান চলাই আৰক্ষীয়ে যিমানে সাফল্য লাভ কৰিছে আৰক্ষীৰ মনোবল সিমানেই বৃদ্ধি হ’বলৈ ধৰিছে।

উজনিৰ পৰা নামনিলৈকে অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানে ইতিমধ্যে ড্ৰাগছৰ অবৈধ বেহাৰ লগত জড়িত থকা ড্ৰাগছ সৰবৰাহকাৰী আৰু ড্ৰাগছ ব্যৱসায়ী সকলৰ কঁকাল ভাঙি পেলাইছে। অসম ড্ৰাগছমুক্ত কৰাৰ লগতে অসমৰ ভূমি ড্ৰাগছ সৰবৰাহ বাবে ব্যৱহাৰ কৰিবলৈ নিদিয়াৰ সংকল্প লৈ ৰাজ্যজুৰি অসম আৰক্ষীয়ে লাভ কৰা সাফল্যৰ পিছত এতিয়া অসম আৰক্ষীয়ে যাত্রা আৰম্ভ কৰিছে বহিঃৰাজ্যত।

অসমৰ ভূমি মাৰাত্মক ড্ৰাগছ সৰবৰাহৰ বাবে ব্যৱহাৰ কৰা বহিঃৰাজ্যৰ ড্ৰাগছ ব্যৱসায়ী এতিয়া অসম আৰক্ষীৰ লক্ষ্য। গুৱাহাটী আৰক্ষীৰ এটা দলে এইবাৰ মণিপুৰত ড্ৰাগছ বিৰোধী অভিযান চলাই এজন কুখ্যাত ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰি গুৱাহাটীলৈ আনিছে। গুৱাহাটী আৰক্ষীয়ে মণিপুৰ আৰক্ষীৰ সহযোগত বিষ্ণুপুৰ জিলাৰ পৰা অসমত ড্ৰাগছৰ সাম্ৰাজ্য গঢ় দিয়াৰ চেষ্টা চলোৱা মণিপুৰৰ ড্ৰাগছ ব্যৱসায়ী চাবিৰ আহমেদক গ্ৰেপ্তাৰ কৰে।

কিছুদিন পূৰ্বে মণিপুৰৰ এখন ট্ৰাকত বৃহৎ পৰিমাণৰ হে’ৰইনসহ দুজন লোক গ্ৰেপ্তাৰ হোৱা বশিষ্ঠ আৰক্ষী চকীৰ এক গোচৰৰ তদন্ত চলাই মহানগৰ আৰক্ষীয়ে মণিপুৰলৈ যাত্ৰা কৰি চাবিৰ আহমেদক গ্ৰেপ্তাৰ কৰে। মণিপুৰৰ কুখ্যাত ড্ৰাগছ ব্যৱসায়ী চাবিৰ আহমেদ আৰক্ষীৰ জালত পৰাৰ পিছত অসম আৰক্ষীয়ে ভৱিষ্যতে ড্ৰাগছৰ সৰবৰাহৰ লগত জড়িত বহু গুৰুত্বপূৰ্ণ তথ্য লাভ কৰাৰ সম্ভাৱনা আছে।