বোকাখাত : জলপথৰে নুমলীগড় শোধনাগাৰৰ সম্প্ৰসাৰিত প্ৰকল্পৰ বাবে উচ্চ প্ৰযুক্তিৰ যান্ত্ৰিক সঁজুলি আনিবৰ বাবে বৃহস্পতিবাৰে নুমলীগড় শোধানাগাৰ কৰ্তৃপক্ষ আৰু ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ মাজত এক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয় ৷ নুমলীগড় শোধানাগাৰৰ নগৰাঞ্চলৰ কুঞ্জকানন প্ৰেক্ষাগৃহত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত কেন্দ্ৰীয় চৰকাৰৰ বন্দৰ, জাহাজ আৰু জলপথ বিভাগৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত এই বুজাবুজি চুক্তি স্বাক্ষৰিত হয়৷

অনুষ্ঠানত ভাৰ্চুৱেলি অংশগ্ৰহন কৰে কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে৷ অনুষ্ঠানত অসম চৰকাৰৰ কৃষি আৰু পশু চিকিৎসা আদি বিভাগৰ মন্ত্ৰী অতুল বৰা, সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন, দেৰগাওঁ সমষ্টিৰ বিধায়ক ভবেন্দ্ৰ নাথ ভৰালী, আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ কাৰিকৰী সদস্য আশুতোষ গৌতম, নুমলীগড় শোধনাগাৰৰ পৰিচালন সঞ্চালক সৈমেন্দ্ৰ কুমাৰ বৰুৱা, কাৰিকৰী সঞ্চালক ভাস্কৰ জ্যোতি ফুকন আৰু শোধনাগাৰটোৰ বিত্তীয় সঞ্চালক আই মিত্ৰা উপস্থিত থাকে৷

বৃহস্পতিবাৰে স্বাক্ষৰিত হোৱা এই বুজাবুজি চুক্তিয়ে আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ দ্বাৰা ব্ৰহ্মপুত্ৰ আৰু ধনশিৰি নদীৰে নুমলীগড় শোধনাগাৰলৈ অতাকায় যন্ত্ৰাংশ কঢ়িয়াবৰ বাবে নদীৰ তল খান্দি যাতায়তৰ ব্যৱস্থা সুচল কৰি বহিবিশ্বৰ লগত জল পথেৰে ব্যৱসায়-বাণিজ্যৰ বিকাশ ঘটোৱাৰ লগতে নুমলীগড় শোধনাগাৰৰ সম্প্ৰসাৰণ প্ৰকল্পৰ নিৰ্মাণতো সহায়ক হ’ব বুলি শোধানাগাৰ কৰ্তৃপক্ষই জানিবলৈ দিয়ে ৷

উল্লেখ্যযোগ্য যে, নুমলীগড় শোধনাগাৰে বৰ্তমানৰ ৩ মেট্ৰিক টন শোধন ক্ষমতা তিনিগুণ বৃদ্ধি কৰি ৯ মেট্ৰিক টন কৰিবলৈ শোধনাগাৰ সম্প্ৰসাৰণ প্ৰকল্পৰ কাম আৰম্ভ কৰিছে। এই সম্প্ৰসাৰিত প্ৰকল্পটোৰ বাবে সমগ্ৰ দেশ আৰু বিদেশৰ পৰাও ১ হেজাৰো অধিক বৃহৎ সঁজুলি জল পথেৰে শোধনাগাৰটোলৈ অনা হ’ব। এই সঁজুলিবোৰৰ কেইবাটাও সঁজুলি অভাৰ ডাইমেনশ্যনেল কনচাইনমেণ্ট আৰু অত্যাধিক ওজন কনচাইনমেণ্ট শ্ৰেণীৰ অন্তৰ্গত। যাৰ বাবে এই সঁজুলিসমূহ আনিবৰ বাবে নুমলীগড় শোধনাগাৰে ব্ৰহ্মপুত্ৰ আৰু ধনশিৰি নদীৰ জলপথ ব্যৱহাৰ কৰিব৷

ইয়াৰ বাবে আনকি দেশৰ পশ্চিমাঞ্চলৰ মুখ্য বন্দৰবোৰক উত্তৰ-পূব অঞ্চলক সংযোগ কৰিবলৈ সাগৰ আৰু নদীৰ পথবোৰ ব্যৱহাৰ কৰিব বুলিও কৰ্তৃপক্ষই জানিবলৈ দিয়ে৷ অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে৷ বন্তি প্ৰজ্বলনৰ পিচতেই শোধনাগাৰ কৰ্তৃপক্ষ আৰু আভ্যন্তৰীণ জল পথ প্ৰাধিকৰণৰ দ্বাৰা একোটাকৈ সচিত্ৰ উপস্থাপনেৰে এই জল পথৰ সবিশেষ তথ্য দাঙি ধৰা হয়। অনুষ্ঠানৰ প্ৰাকক্ষণত নুমলীগড় ৰৌদুৱাৰ গাঁৱত ধনশিৰি নদীত থকা নুমলীগড় শোধনাগাৰৰ নদী বন্দৰটোও কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে পৰিদৰ্শন কৰে।