গুৱাহাটী, সংবাদ ৩৬৫, ২৪ জুলাই : বানপানীয়ে প্ৰতিবছৰে অসমত মহাপ্ৰলয়ৰ সৃষ্টি কৰি আহিছে । বানপানীৰ ফলত প্ৰত্যেক বছৰে লাখ লাখ মানুহ ক্ষতিগ্ৰস্ত হৈছে ।ইয়াৰোপৰি বানাক্ৰান্তসকলে সময়ত নাপায় কোনো ধৰণৰ প্ৰয়োজনীয় সাহাৰ্য্য ।

বান সাহাৰ্য্যৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা আহিবলগীয়া পুঁজিও আহে বহুত পলমকৈ । সেইবাবে সচেতন জনসাধাৰণ বিশেষকৈ বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু স্বেচ্ছাসেৱী সংগঠন সমূহে বানাক্ৰান্ত ৰাইজক ৰাজপথত নামি বিভিন্ন লোকৰ পৰা অৰ্থ সংগ্ৰহ কৰি সহায়ৰ হাত আগবঢ়াই ।

পিছে এতিয়াৰে পৰা বান সাহাৰ্য্যৰ নামত কোনো লোককে হাৰাশাস্তি কৰিব নোৱাৰিব । এই কথা স্পষ্ট কৰি দিছে কামৰূপ(ম)ৰ উপায়ুক্তই ।

কামৰূপ(ম)ৰ উপায়ুক্ত বিশ্বজিৎ পেগুৰ নিৰ্দেশ যে কোনো ব্যক্তি, প্ৰতিষ্ঠান, সংগঠনে জোৰ–জুলুমকৈ সংগ্ৰহ কৰিব নোৱাৰিব ধন। ৰাজপথতো অসাধুভাৱে ল’ব নোৱাৰিব ধন।

উল্লেখযোগ্য যে বিভিন্ন দল – সংগঠন তথা ব্যক্তিয়ে বান সাহাৰ্য্য বিচৰাৰ পাছত বিভিন্নজনৰ অভিযোগৰ পিছতে এই পদক্ষেপ গ্ৰহণ কৰিছে প্ৰশাসনে । এই নিৰ্দেশনা অমান্য কৰিলে আইনী ব্যৱস্থা গ্ৰহণ কৰিব জিলা প্ৰশাসনে ।