যোৰাবাট, ১৭ মেঃ অট’ ভেন সাধাৰণতে সামগ্ৰী কঢ়িওৱা বাবে ব্যৱহাৰ কৰা হয়। পৰিবহণ বিভাগৰ পৰাও অট’ ভেনক সামগ্ৰী কঢ়িওৱাৰ বাবে অনুমতি দিয়া হয়৷ কিন্তু বিভিন্ন সময়ত এই অট’ ভেনসমূহে সামগ্ৰীৰ পৰিবৰ্তে মানুহক নিয়াৰ দৃশ্যও দেখিবলৈ পোৱা যায় আৰু বহু সময়ত এই ভেনসমূহে কণ কণ শিক্ষাৰ্থীকো বিদ্যালয়লৈ অনা-নিয়া কৰে। কিন্তু অট’ ভেনত মানুহৰ যাত্ৰা কিমান বিপদজনক ইয়াৰ উদাহৰণ দেখিবলৈ পোৱা গ’ল মহানগৰীৰ ১৩ মাইলত। বিদ্যালয় ছুটিৰ পিছত সাতজনকৈ কণ কণ শিক্ষাৰ্থীক অট’ ভেনত লৈ যাত্ৰা কৰা এখন অট’ ভেন নিয়ন্ত্ৰণ হেৰুকাই ৰাজপথত বাগৰি পৰে। এই দুর্ঘটনাত আটাইকেইজন শিক্ষাৰ্থী আঘাতপ্ৰাপ্ত হয়। আঘাতপ্ৰাপ্ত শিক্ষাৰ্থী সকলৰ ভিতৰত দুজনৰ অৱস্হা সংকতজনক। বিদ্যালয় ছুটীৰ পিছত সোনাপুৰৰ কমাৰকুচি মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষাৰ্থীক লৈ যোৰাবাটৰ ফালে আহি থাকোতে এএছ-০১-ইচি-৭৫২৩ নম্বৰৰ অট’ ভেনখনে নিয়ন্ত্ৰণ হেৰুৱাই ৰাজপথত বাগৰি পৰে। চালকে অতি তীব্ৰ বেগেৰে অহাৰ ফলত এই দুর্ঘটনা সংঘটিত হয় বুলি ঘটনাস্থলিত উপস্থিত লোকে জানিবলৈ দিয়ে। দিনে-নিশাই ঘাইপথ সমূহত গিজগিজাই থকা আৰক্ষীৰ লোক থকাৰ পিছতো কেনেদৰে এই অট’ ভেন চালক সকলে কণ কণ শিক্ষাৰ্থীসকল এইদৰে অট’ ভেনত উঠাই যাত্ৰা কৰে? ইয়াৰ ওপৰত আৰক্ষী তথা প্ৰশাসনে কিবা ব্যৱস্থা গ্ৰহণ কৰিব নে?