মুম্বাই, ১৮ মেঃ ইংৰাজী নিউজ চেনেল টাইমছ নাওৰ পূৰ্বৰ কৰ্মচাৰী তথা ৰিপাব্লিক টিভিৰ সংস্থাপক সাংবাদিক অৰ্ণৱ গোস্বামীৰ বিৰুদ্ধে চুৰিৰ অভিযোগ আনিছে টাইমছ নাও গোষ্ঠীয়ে। বেনেট, কলমেন এণ্ড কোম্পানী লিমিটেড ইয়াৰ উপৰি প্ৰেমা শ্ৰীদেৱী নামৰ পূৰ্বৰ এগৰাকী কৰ্মীৰ বিৰুদ্ধেও কঁপিৰাইট উলংঘা কৰাৰ গোচৰ ৰুজু কৰিছে। মুম্বাইৰ আজাদ মৈদাম আৰক্ষী চকীত এই গোচৰ ৰুজু কৰা হৈছে। গোস্বামীৰ ওপৰত চুৰি, উলংঘন আৰু সম্পত্তিৰ দূব্যৱহাৰৰ অভিযোগত গোচৰ ৰুজু কৰা হৈছে। ৬ মে’ আৰু ৮ মে’ত ৰিপাব্লিক টিভিত প্ৰচাৰ হোৱা টেপটো টাইমচ নাওঁৰ সম্পত্তি বুলি চেনেলটোৱে দাবী কৰিছে যিটো অৰ্ণৱ গোস্বামীয়ে চুৰ কৰি নিজৰ ৰিপাব্লিক টিভিত প্ৰচাৰ কৰিছিল। ৬ মে’ত ৰিপাব্লিক টিভি আৰম্ভ হৈছিল আৰু আৰম্ভণিৰ দিনাই অৰ্ণৱ গোস্বামীয়ে লালু প্ৰসাদ যাদৱ আৰু ছাহাবুদ্দিনৰ মাজত থকা সম্পৰ্ক ৰাজহুৱা কৰি লালু আৰু ছাহাবুদ্দিনৰ মাজত হোৱা কথা-বতৰাৰ এক অডিঅ’  প্ৰচাৰ কৰিছিল। য’ত অভিযোগ কৰা হৈছিল যে ছাহাবুদ্দিন জেলত থকা সময়ত লালুৰ সম্পৰ্কত আছিল। ৰিপাব্লিকে শ্ৰীদেৱী আৰু শুনান্দা পুষ্কাৰৰ মাজত হোৱা কথা বতৰাৰো আন এটা অডিঅ’ প্ৰচাৰ কৰিছিল। দুয়োটা অডিঅ’ত গোস্বামী আৰু শ্ৰীদেৱী টাইমচ নাওত কৰ্মৰত থকা সময়ৰ আছিল আৰু এই দুয়োটা অডিঅ’ টাইমচ নাওত প্ৰচাৰ কৰা হোৱা নাছিল। অৰ্ণৱে কেমেৰাৰ সন্মুখতো স্বীকাৰ কৰিছিল যে এই টেপ দুটা সেই সময়ত তেওঁক প্রচাৰ কৰাৰ অনুমতি দিয়া হোৱা নাছিল। উল্লেখ্য যে ইয়াৰ পূৰ্বেও এনবিএ ৰিপাব্লিকৰ ওপৰত অবৈধ ভাবে দৰ্শকৰ সংখ্যা বৃদ্ধি কৰাৰ অভিযোগ উত্থাপন হৈছিল।