বাঘবৰ, ৭ জুলাইঃ ৰাজ্যত ঠাইয়ে- ঠাইয়ে বানে ভয়াবহ ৰূপ ধাৰণ কৰাৰ সময়তে বৰপেটাৰ বাঘবৰ-জনীয়া সমষ্টিৰ প্ৰায় শতাধিক গাওঁ প্ৰলয়কাৰী  বানৰ কৱলত পৰিছে। ব্ৰহ্মপুত্ৰ ,বেঁকী নদীৰ বাঢ়নী পানীয়ে বুৰাইছে বাঘবৰ, কলগাছিয়া  ৰাজহ চক্ৰৰৰ শতাধিক গাওঁ। বাঘবৰ সমষ্টিৰ শিলোচী পাথাৰ, বালাজান, সেউৰাভিটা, মৰাভাজ, সাতমূখী ৰামাপাৰা, সোণাবাড়ী , সত্ৰকণৰা বহু অঞ্চল লগতে জনীয়াৰ সাওঁৰাচৰা পাথাৰ, কইমাৰী, শিতুলী, ছিধনীকে ধৰি বহু গাওঁ বানৰ কবলত পৰিছে । বৃহত্তৰ অঞ্চল সমূহৰ প্ৰায়বোৰ বাট -পথ পানীত বুৰ যোৱাৰ উপৰিও  বানত ছিঙিছে বহু পথ। অঞ্চলসমূহত বন্যাৰ্তই তুলুঙা নাৱেৰে  বিপদসংকুল ভাবে যাতায়ত কৰিবলগীয়া হৈছে। খাদ্য সংকটত পৰিছে বন্যাৰ্তৰ লগতে পশুধন। হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে বানাক্ৰান্তৰ মাজত কিন্তু খবৰ  নাই জনপ্ৰতিনিধি তথা জিলা প্ৰশাসনৰ।প্ৰলয়কাৰী বানত জনীয়া সমষ্টিৰ সাওঁৰাচৰা পাথাৰত দুটাকৈ পৰিয়ালৰ ঘৰ-বাৰী নিমিষতে  ভাঙিলে বেঁকী নৈয়ে। আনহাতে বাঘবৰৰ বালাজান গাঁৱতো ব্ৰহ্মপুত্ৰই ধাৰণ কৰিছে কালৰূপ। গাওঁখন এমাহৰ ভিতৰতে প্ৰায় ২০ টা পৰিয়াল গৃহহীন হৈছে যদিও স্থানীয় প্ৰশাসনে  কোনো গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই। বানত ককবকাই থকা বন্যাৰ্তৰ কাষত  আহিবলৈ আহৰি নাপালে জনীয়া সমষ্টিৰ বিধায়ক আব্দুল খালেক আৰু বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলীয়ে।