শিলচৰ উপায়ুক্ত কাৰ্যালয়ৰ ডেৰশ বছৰীয়া জয়ন্তী উদযাপনৰ সামৰণী অনুষ্ঠানত মুখ্যমন্ত্রী বৰাক-ব্ৰহ্মাপুত্ৰউপত্যকাৰ সম-উন্নয়নৰ প্ৰতি ৰাজ্য চৰকাৰ বদ্ধ পৰিকৰ: মুখ্যমন্ত্রী

গুৱাহাটী, ৩ মে : ‘বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ মাজত সমন্বয় সুদৃঢ় কৰি সম-উন্নয়ন সম্ভৱ কৰি তুলিবলৈ অসমচৰকাৰ বদ্ধপৰিকৰ। উন্নয়নৰ ক্ষেত্ৰত বৰাক উপত্যকা বহুত পিছপৰি আছে আৰু সেইবাবে অসম চৰকাৰেবৰাকৰ উন্নয়নত বিশেষ অগ্ৰাধিকাৰ প্ৰদান কৰিছে।’ আজি কাছাৰ জিলা উপায়ুক্ত কার্যালয়ৰ ডেৰশবছৰীয়া জয়ন্তী উদযাপনৰ সামৰণী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি প্রদান কৰা ভাষণতমুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে এইদৰে কয়। শিলচৰ চহৰৰ বংগ ভৱনত অনুষ্ঠিত এই কাৰ্যসূচীত মুখ্যমন্ত্রীসোণোৱালে যুৱ-প্ৰজন্মক স্বামী বিবেকানন্দৰ আদৰ্শৰ দ্বাৰা উদ্ধৃদ্ধ হৈ নিজকে গঢ় দিয়াৰ লগতে সমাজ আৰুৰাষ্ট্ৰক গঢ় দিয়াৰ বাবে আহ্বান জনায়। অসমৰ সম্পদ-সম্ভাৱনীয়তা বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্রয়োগেৰেআগুৱাই নিব লাগিব বুলি মত ব্যক্ত কৰি মুখ্যমন্ত্রী সোণোৱালে দুনীতিৰ বিৰুদ্ধে অসম চৰকাৰে আৰম্ভ কৰাজেহাদ তীব্র গতিত চলি থাকিব বুলিও কয়। মুখ্যমন্ত্রীয়ে চৰকাৰী কর্মচাৰীসকলক সংযমী, সতর্ক আৰুসাৱধান হ’বলৈ আহ্বান জনায়। দুনীতি নিৰ্মলৰ বাবে মুখ্যমন্ত্রীয়ে জনসাধাৰণৰ সক্রিয় সহযোগিতা বিচাৰে।এই প্ৰসংগত তেওঁ কয় যে দুনীতি নিৰ্মল হ’লেহে সমাজৰ দৰিদ্রতম লোকসকলেও মর্যাদা সহকাৰে জীয়াইথকাৰ সুযোগ লাভ কৰিব। প্রধান মন্ত্রী নৰেন্দ্ৰ মোড়ীৰ ‘সবক সাথ, সবকা বিকাশ’ নীতিৰ প্ৰসংগ দাঙি ধৰিমুখ্যমন্ত্রীয়ে কয় যে ভি আই পি সংস্কৃতি নোহোৱা কৰাৰ বাবে প্রধান মন্ত্রীয়ে লোৱা প্রয়াস প্রশংসনীয়। সকলোনাগৰিকে গুৰুত্বপূর্ণ বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে অসম চৰকাৰে সকলোৰে প্ৰতি সম দৃষ্টি ৰাখি সম-মর্যাদাপ্ৰদান কৰি সম-উন্নয়নৰ বাবে কাম কৰি যাব বুলিও মুখ্যমন্ত্রীয়ে কয়। মুখ্যমন্ত্রীয়ে কয় যে বৰাক উপত্যকাৰসকলো দিশতে উন্নয়ন সাধন কৰাৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে পদক্ষেপ গ্ৰহণ কৰিছে। শিলচৰৰআন্তঃগাঁথনি উন্নয়নৰ বাবে ২০০ কোটি, বৰাক উপত্যকাৰ গাওঁ-চহৰৰ পথ উন্নয়নৰ বাবে ২০০ কোটি,শিলচৰ মহাবিদ্যালয়ৰ বাবে ১০০ কোটি টকা প্ৰদানৰ ব্যৱস্থা বাজেটত লোৱা হৈছে বুলি মুখ্যমন্ত্রীয়ে কয়।মুখ্যমন্ত্রীয়ে লগতে কয় যে অসম বিশ্ববিদ্যালয়ত স্বামী বিবেকানন্দৰ এক প্রতিমূৰ্ত্তি, শিলচৰ নগৰত এখনউৰণীয়া সেঁতু, তাৰকাগৃহ, শিলচৰত চেন্টাৰ অৱ এক্সিলেন্স স্কীল ডেভেল’পমেন্ট চেন্টাৰ আৰু এই চেন্টাৰৰশাখা হাইলাকান্দি আৰু কৰিমগঞ্জত স্থাপন কৰা, বৰাকৰ তিনিওখন জিলাতে গাড়ী চালনাৰ প্ৰশিক্ষণ কেন্দ্ৰ,প্রধান মন্ত্রীৰ কৌশল বিকাশ কেন্দ্ৰ ইত্যাদি নির্মাণ কৰা হ’ব। অসম চৰকাৰে নিৱনুৱা যুৱক-যুৱতী, মহিলা,দিব্যাংগ আদি সকলোৰে বাবে কল্যাণকামী আচনি গ্রহণ কৰিছে বুলিও মুখ্যমন্ত্রীয়ে কয়৷ মুখ্যমন্ত্রী সোণোৱালেকয় যে ৰাজ্য চৰকাৰৰ “মাই গভ পৰ্টেল’ৰ জৰিয়তে জনসাধাৰণে ৰাজ্য চৰকাৰ সম্পৰ্কত প্রত্যক্ষভাৱেতেওঁলোকৰ মতামত আৰু পৰামৰ্শ আগবঢ়াব পাৰিব৷ শিলচৰ উপায়ুক্ত কার্যালয়ৰ ডেৰশ বছৰীয়া জয়ন্তীৰলগত সংগতি ৰাখি মুখ্যমন্ত্রী সোণোৱালে দুনীতি নিবাৰণৰ বাবে জিলা প্রশাসনে আৰম্ভ কৰা এক অভিযানোমুকলি কৰে৷ আনহাতে, মুখ্যমন্ত্রী সোণোৱালে আজি পুৱাবেলা কৰিমগঞ্জ চহৰৰ জিলা ক্রীড়া সংস্থাৰ এককাৰ্যসূচীতে অংশ গ্রহণ কৰে৷ আজিৰ এই ডেৰশ বছৰীয়া জয়ন্তী সমাৰোহত অসম বিধান সভাৰ উপাধ্যক্ষদিলীপ পাল, গড়কাপ্টানি মন্ত্রী পৰিমল শুক্লবৈদ্য, কেইবাগৰাকী বিধায়ক, প্রাক্তন কেন্দ্রীয় মন্ত্রী কবিন্দ্ৰপুৰাকায়স্থ প্রমুখ্যে প্রশাসনৰ শীর্ষ বিষয়াসকল উপস্থিত থাকে৷