বাঘবৰ, ৭ আগষ্টঃ বৰপেটাৰ বাঘবৰৰ পাহাৰত চৰকাৰৰ নিৰ্দেশ মৰ্মে  বৰপেটা ৰোড আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ উদ্যোগত বৃক্ষ ৰোপন কাৰ্যসূচী অনুষ্ঠিত হয়। বৰপেটা ৰোড আঞ্চলিক বন বিষয়া পুষ্পদৰ নাথৰ নেতৃত্বত অনুষ্ঠিত বৃক্ষৰোপন কাৰ্য্যসূচীত চেগুন, তিতাচাপ, বনচোমকে ধৰি প্ৰায়    ৪,৫০০টা গছপুলি ৰোপন কৰা হয়৷ বৃক্ষৰোপন কাৰ্য্যসূচীত বৰপেটাৰ   আঞ্চলিক বন কাৰ্যালয়ৰ বন পালক-১ৰ মুনিন্দ্ৰ তালুকদাৰ, আঞ্চলিক খণ্ড বন বিষয়া ধীৰাজ দাস, খইৰাবাৰীৰ অচিন্ত দেউৰী, পাঠশালাৰ বিপুল চৌধুৰী, জয়পুৰৰ কন্দৰ্প দাস, বাঘবৰ প্ৰেছ ক্লাৱৰ সভাপতি শ্বহিদুল ইছলামৰ লগতে  অৰ্ধ শতাধিক বন কৰ্মচাৰী উপস্থিত থাকি গছপুলি ৰোপন কৰে।  বাঘবৰ পাহাৰৰ গছ-গছনি চোৱাচিতা কৰিবলৈ উদ্যোক্তাসকলে সৰ্বসাধাৰণক আহ্বান জনায়৷