বাঘবৰ, ৭ আগষ্টঃ বৰপেটাৰ বাঘবৰ থানাৰ অন্তৰ্গত চাচৰা গাঁৱৰ  নুৰুল হক অৰুণাচল প্ৰদেশত কাম কৰিবলৈ গৈ সন্ধানহীন হোৱা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ প্ৰাপ্ত তথ্য মতে, কৰিম আলী পুত্ৰ নুৰুল হকে ( ১৫) ১৮ জুলাইত অৰুণাচল প্ৰদেশৰ এনআইটিত কাম কৰিবলৈ যায়৷ যোৱা ৩০ জুলাইৰ পৰা নুৰুলৰ লগত পৰিয়ালৰ কোনো ধৰণৰ যোগাযোগ নোহোৱাত পৰিয়ালৰ লোকে অৰুণাচলত উপস্থিত হয়৷ অৰুণাচললৈ নুৰুলৰৰ সন্ধান উলিওৱাত ব্যৰ্থ হৈ আৰুণাচলৰ নাহাৰ লগুণ (ইটানগৰ) থানাত পৰিয়ালৰ লোকে  ঘটনা সন্দৰ্ভত এক গোচৰ ৰুজু কৰে৷ গোচৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷ কোনো সদাশয় ব্যক্তিয়ে নুৰুলৰ সম্ভেদ পালে নিকটতম আৰক্ষী চকী অথবা ৯৯৫৭১৩২৭৭২ – ৯০৮৫২০৮৯২৩ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে।