গুৱাহাটী, সংবাদ ৩৬৫, ২৩ মাৰ্চ : সকলোৰে বাবে উপযুক্ত জীৱনসংগী বিচৰাৰ কথা আগত ৰাখি জ্যোতিষী লীলামাধৱ শইকীয়াই আৰম্ভ কৰিছে এক উপযুক্ত জীৱন সংগীৰ প্ৰাৰ্থী বিচৰা এপ বন্ধন লাইফ। বন্ধন লাইফ হ’ল এটা মেট্ৰিমনিয়েল এপ যাৰ দ্বাৰা বিবাহৰ বাবে উপযুক্ত যুৱক-যুৱতীক পছন্দৰ প্ৰাৰ্থী বিচাৰি দিয়া হব।

শনিবাৰে গুৱাহাটীৰ প্ৰেছ ক্লাৱত উক্ত অনুষ্ঠানটোৰ ফিটা কাটি শুভাৰম্ভণি কৰে। এপটোৰ বিষয়ে স্বত্বাধিকাৰী লীলামাধৱ শইকীয়াই কয় যে বাকীবোৰ মেট্ৰমনিয়েল এপতকৈ এইটো পৃথক। ইয়াৰ ৰেজিষ্ট্ৰেচন কৰিলে বিনামূলীয়াকৈ এষ্ট্ৰল’জিকেল সেৱা পাব আৰু তেওঁলোকৰ বিবাহৰ যোগ কেতিয়া পৰিব, বিবাহত কি বাধা আছে, বিবাহৰ পাছত সমস্যা বা মাংগলিক হয় নে নহয় তাৰ উচিত বিধান দিয়া হব।

উক্ত অনুষ্ঠানত তেওঁ আৰু কয় যে আজিৰ গতিশীল যান্ত্ৰিক যুগত কোনেও কাৰো দায়িত্ব বা বিবাহ সম্বন্ধীয় কথা পতা, অংশগ্ৰহণ বা উপদেশ নিদিয়ে। সমাজৰ এই সমস্যা আৰু এজন উচিত পাত্ৰ বা পাত্ৰী বিচৰা যি যন্ত্ৰণা সেই যন্ত্ৰনাক সকাহ দিবলৈ বন্ধন লাইফ সম্পূৰ্ণ সচেষ্ট। আমাৰ এই দায়িত্ব মোৰ পাতি লৈ সমাজৰ পাত্ৰ-পাত্ৰী বেহা-বেপাৰ কৰা প্ৰতিষ্ঠানবোৰৰ ব্যৱসায়িক মনোবৃত্তিত ভাৰাক্ৰান্ত হোৱা একো একোখন ঘৰক খুব কম সময়ৰ ভিতৰত সকাহ দিব পাৰিম।