গুৱাহাটী, সংবাদ ৩৬৫, ২৩ মাৰ্চ : লোকসভা নিৰ্বাচন সন্দৰ্ভত প্ৰতিক্ৰিয়া মন্ত্ৰী পিয়ুষ হাজৰিকাৰ । সংবাদ মাধ্যমৰ আগত তেখেতে কয় যে আমি যথেষ্ঠ উন্নয়ন কৰিছোঁ। পঞ্চায়ত নিৰ্বাচন আৰু স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনত আমি যেনেদৰে জয়লাভ কৰিছো , তেনেদৰে আমি এই নিৰ্বাচনতো জয়লাভ কৰিম। অসমত মিত্ৰজোঁতে ১০-১১ খন আসন লাভ কৰিম আৰু সমগ্ৰ দেশত প্ৰায় ৩০০ আসন লাভ কৰিম বুলিও সংবাদ মাধ্যমৰ আগত কয় মন্ত্ৰী গৰাকীয়ে।

নগাঁও প্ৰাৰ্থী সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ পিয়ুষ হাজৰিকাৰ। হাজৰিকাই কয় যে মই নগাঁও সমষ্টিৰ এজন ভোটাৰ আৰু বিধায়ক। গতিকে দলে যাকেই টিকট নিদিয়ক কিয় তেওঁক আমি জিকামেই। কোনোবা প্ৰদ্যুৎ বৰদলৈ , কোনোবা ৰকিবুল হুছেইন কোনো ফেক্টৰেই নহয়, কোনো অস্তিত্ব নাই।

এম জি ভি কে ভানুৰ সন্দৰ্ভতো আক্ৰমণাত্মক মন্তব্য পিয়ুষ হাজৰিকাৰ। তেখেতে কয় যে ভানুৰ অসমপ্ৰেম কিমান ৰাইজে দেখিছে। ভানুৰ জীয়েকৰ বিয়া পাতিছে হায়দৰাবাদত। তাতেই গম পোৱা গৈছে ভানুৰ অসমপ্রেম।