বহৰি, সংবাদ ৩৬৫, ৫ জুলাই: সংবিধান সেৱকৰ উদ্যোগত আৰু বৃহত্তৰ গোমাফুলবাৰী অঞ্চলৰ সচেতন-শিক্ষিত সমজুৱাৰ সহযোগত বৃহস্পতিবাৰে বৰপেটা জিলাৰ গোমাফুলবাৰী মাদ্ৰাছা ছেণ্টাৰ প্ৰাংগণত বিয়লি ৪ বজাত অনুষ্ঠিত হয় এক “সংবিধান সভা”। উক্ত সভাত নাগৰিকত্বৰ সমস্যা, সংবিধান, বাল্যবিবাহ আৰু শিক্ষা সমস্যাকে আদি কৰি অন্যান্য অৰ্থসামজিক আৰু ৰাজনৈতিক বিষয়ত সবিস্তাৰে আলোচনা কৰা হয়।

আন্তৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন লেখক, ৰাষ্ট্রীয় মানৱ অধিকাৰ আয়োগৰ প্ৰাক্তন সদস্য তথা অৱসৰপ্ৰাপ্ত ভাৰতীয় অসামৰিক সেৱা বিষয়া মাননীয় ড° হৰ্ষ মান্দাৰ, বিশিষ্ট সমাজ বিজ্ঞানী তথা জামিয়া মিলিয়া ইছলামীয়াৰ অধ্যাপক ড° মুনিৰুল হুছেইন, ইউৰোপৰ ভৃজে বিশ্ববিদ্যালয়, আমষ্টাডামৰ গৱেষক ছাত্ৰ আব্দুল কালাম আজাদে ভাষণ প্ৰদান কৰে এই সভাত।

বিশিষ্ট সাংবাদিক মাইনুল হক চৌধুৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনৰ আঁতধৰে ৰকিবুল হাচান খানে আৰু সভাৰ বিষয়বস্তু বাখ্যা কৰে যুৱ লেখক তথা সামাজিক কৰ্মকর্তা আশ্ৰাফুল হুছেইনে। ভাষণ প্ৰসংগত হৰ্ষ মন্দাৰে দেশত চলি থকা অসমানতা আৰু বিশেষ কিছু জনগোষ্ঠীৰ বিৰুদ্ধে হৈ থকা বৰ্ধিত আক্ৰমণ সম্পৰ্কে উম্মা প্ৰকাশ কৰে। তেওঁৰ ভাষণত ডিটেনচন কেম্পৰ ভিতৰত বিদেশী হিচাপে বন্দী হৈ থকা লোকসকলৰ প্ৰতি সহানুভূতি আৰু অধিকাৰৰ প্ৰশ্ন উত্থাপন কৰা দেখা যায়।

উল্লেখযোগ্য যে হৰ্ষ মন্দাৰে এইবাৰৰ অসম ভ্ৰমণত বিদেশীৰ অপবাদত ডিটেনচন কেম্পত বন্দী হৈ থকাৰ লগতে বিদেশীৰ নামত অত্যাচাৰৰ বলি হৈ থকা কেইবাটাও পৰিয়ালত উপস্থিত হৈ তেওঁলোকৰ যন্ত্ৰণাৰ অংশীদাৰ হোৱাৰ লগতে একেলগে ন্যায়াৰ যুজঁ দিয়াৰ সাহস আৰু প্ৰতিশ্ৰুতি দিয়ে। ইপিনে সভাত আব্দুল কালাম আজাদে বাল্যবিবাহ, শিক্ষা সমস্যা সম্পৰ্কে সংবিধান আৰু আইনৰ দিশসমূহ বাখ্যা কৰে।

আনহাতে, এই সভাতে বৃহত্তৰ গোমাফুলবাৰী অঞ্চলৰ ৯ জন যুৱকক সংবিধান সেৱক হিচাপে সন্মান জনোৱাৰ লগতে তেওঁলোকৰ হাতত তুলি দিয়া হয় একোখনকৈ ভাৰতীয় সংবিধান। সংবিধান সেৱক সকলে জনগণৰ সাংবিধানিক অধিকাৰ সম্পৰ্কে সমাজ আৰু দেশৰ হকে কাম কৰাৰ শপত বাক্যও পাঠ কৰে।