গুৱাহাটী, সংবাদ ৩৬৫, ৬ জুলাই : বাজেটে গ্ৰামাঞ্চল্যৰ বাবে আশাৰ ৰেঙণি কঢ়িয়াই আনিছে । অসমৰ গ্ৰামাঞ্চল উপকৃত হ’ব এই বাজেটৰ পৰা । ক্ষিপ্ৰ হ’ব কৰ্কট প্ৰতিষ্ঠানবোৰৰ উন্নয়নৰ কাম। কেন্দ্ৰীয় বাজেট সম্পৰ্কত এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ ।

এনকেফেলাইটিছ সন্দৰ্ভতো মন্তব্য মন্ত্ৰীগৰাকীৰ। তিনিটা পৰ্যায়ত হয় জাপানীজ এনকেফেলাইটিছ ৰোগ। অসমত ৰোগীৰ বাবে নাই পৰ্যাপ্ত আই চি ইউ । বহু ৰোগীয়ে সময়মতে আহি নাপায় আই চি ইউ। প্ৰথম পৰ্যায়ত ধৰা পৰিলে এই ৰোগ নিৰাময় সম্ভৱ হ’ব। জ্বৰ হোৱাৰ লগে লগে সকলোৱে তেজ পৰীক্ষা কৰোৱা উচিত।এনকেফেলাইটিছত আক্ৰান্ত ৰোগীক দিয়া হ’ব পৰিবহণ ব্যয় ।

ইফালে চৰকাৰী হাস্পতাললৈ অহা-যোৱাৰ বাবে চৰকাৰে ধন দিব বুলিও ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে। আই চি ইউৰ চিকিৎসাৰ ঔষধসহ বিনামূলীয়া হ’ব । নাৰ্ছিং হোমৰ আই চি ইউত চিকিৎসাধীন ৰোগীক দিব ১ লাখ টকাকৈ । তেজৰ নমুনা সংগ্ৰহ কৰা স্বাস্থ্যকৰ্মীক দিব অতিৰিক্ত ভাত্তা।