গুৱাহাটী, সংবাদ ৩৬৫, ১৮ জুন : সুস্থ সমাজ বিকাশ চক্ৰ আৰু ফ’ৰাম এগেইনষ্ট ছেক্সুৱেল হেৰেছমেণ্ট ইন এডুকেশ্যন ইনষ্টিটিউটৰ সহযোগত গুৱাহাটীৰ প্ৰেছ ক্লাৱত এক আলোচনা চক্ৰ অনুষ্ঠিত হয় । আলোচনাৰ বিষয় বস্তু আছিল ভুলুণ্ঠিত গণতন্ত্ৰত অৱদমিত নাৰী।

আলোচনা চক্ৰটোৱে তেওঁলোকৰ হাতত থকা তথ্য অনুসৰি জানিবলৈ দিয়ে যে ২০১৩ চনত গৃহীত হোৱা যৌন-নিৰ্যাতন প্ৰতিৰোধ আইন ২০১৩ৰ অধীনত গঠিত আভ্যন্তৰীণ অনুসন্ধান সমিতিবোৰৰ অধ্যক্ষাই এনে ধৰণৰ অভিযোগবোৰক নাৰীয়ে পুৰুষৰ বিৰুদ্ধে কৰা ষড়যন্ত্ৰ বুলি ভাবে । দুই এটা গোচৰতহে দোষীয়ে শাস্তি পায়। এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভতে সুস্থ সমাজ বিকাশ চক্ৰ আৰু ফ’ৰাম এগেইনষ্ট ছেক্সুৱেল হেৰেছমেণ্ট ইন এডুকেশ্যন ইনষ্টিটিউটে বহুকেইজন বুদ্ধিজীৱী আৰু সমাজকৰ্মীৰ লগ হৈ আলোচনা কৰে। আলোচনা চক্ৰত ডিব্ৰুগড় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ ঘটনা দুটাৰ সন্দৰ্ভতো আলোচনা কৰা হৈছিল আৰু বিশ্ববিদ্যালয় দুখনে লোৱা ব্যৱস্থাত অসন্তুষ্টি প্ৰকাশ কৰে ।

সংবাদমেলত সুস্থ সমাজ বিকাশ চক্ৰ আৰু ফ’ৰাম এগেইনষ্ট ছেক্সুৱেল হেৰেছমেণ্ট ইন এডুকেশ্যন ইনষ্টিটিউটে কয় যে ডিব্ৰুগড় বিশ্ব ঘটনাটোত ভুক্তভোগী ছাত্ৰীগৰাকীয়ে বিশ্ববিদ্যালয়ত ন্যায় নাপায় অভিযুক্তক বিশ্ববিদ্যালয়ে স্বেচ্ছামূলক অৱসৰ দি সুৰক্ষা দিয়াৰ বিৰুদ্ধে ৰাজহুৱাভাৱে আৰু সংবাদ মাধ্যমৰ যোগেদি প্ৰতিবাদ কৰিছিল যদিও বিশ্ব বিদ্যালয়ৰ কিছুমান শক্তিয়ে তেওঁক এনে নকৰিবলৈ আনকি অভিযোগটো উঠাই লবলৈ পৰামৰ্শ দিছিল। এই ঘটনাটোৰ ক্ষেত্ৰত শিক্ষামন্ত্ৰীয়ে বিশ্ববিদ্যালয় স্বতন্ত্ৰ হোৱাৰ বাবে ৰী ঘটনাত হস্তক্ষেপ কৰিব নোৱাৰো বুলি দিয়া যুক্তিতো গ্ৰহণযোগ্য নহয়। ডিব্ৰুগড় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত ঘটা যৌন নিৰ্যাতনৰ ঘটনাত পুলিচৰ ভূমিকাই স্পষ্ট কৰিছে যে পুলিচ প্ৰশাসন নাৰীৰ প্ৰতি সহানুভূতিশীল নহয়।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ যৌন-নিৰ্যাতনৰ ঘটনাটোৰ ক্ষেত্ৰত মন্ত্ৰীৰ স্থিতি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই নজনোৱা পৰ্যন্ত একো কৰিব তেওঁ নোৱাৰে । ইয়াৰ যোগেদিয়ে মন্ত্ৰীগৰাকীয়ে প্রমাণ কৰিলে যে নাৰীৰ নিৰাপত্তাৰ ক্ষেত্ৰত তেখেতে আওকাণ কৰাৰ উপৰিও ন্যায় প্ৰদানৰ ক্ষেত্ৰতো তেখেত আগ্ৰহী নহয়। এই দুয়োটা ঘটনাৰ বাবে দায়ী চৰকাৰ । বেটী বচাও বুলি কোৱা চৰকাৰে বেটী নবচালে । এই ক্ষেত্ৰত কলেজ শিক্ষক সন্থাইও মাত মতা উচিত । আগুৱাই অহা উচিত । এই ক্ষেত্ৰত নাৰীক সহানুভূতিশীল সমৰ্থন দিয়াৰ লগতে ভুক্তভোগীক ন্যায় প্ৰদান কৰিব লাগিব। যৌন নিৰ্যাতন সম্পৰ্কে থকা আইন-কানুন কৰ্তৃপক্ষ আৰু সমগ্ৰ সমাজৰে সহজলভ্য কৰিব পাৰিব লাগিব। তেতিয়াহে নাৰী সুৰক্ষিত হব।