এলাগী হৈ পৰিছে মামণি ৰয়চম গোস্বামীৰ সপোনৰ চিকিৎসালয় : ক্ৰমাৎ জহি-খহি যাব ধৰিছে চিকিৎসা যন্ত্ৰ

In ৰাজ্য

পলাশবাৰী, সংবাদ ৩৬৫, ১৭ জুন : এলাগী হৈ পৰিছে জ্ঞানপীঠ বঁটা বিজয়ী মামণি ৰয়চম গোস্বামীৰ সপোনৰ চিকিৎসালয় । দক্ষিণ কামৰূপত অৱস্থিত এই চিকিৎসালয়খনৰ নাম উমাকান্ত আৰু চন্দ্ৰকান্ত প্ৰাথমিক চিকিৎসা কেন্দ্ৰ । চিকিৎসালয়খন আছে ঠিকেই কিন্তু নাই কোনো চিকিৎসক । যি কেইজন কৰ্মী আছে সেইকেইজনেই যথেষ্ট নহয় ।

মামণি ৰয়চম গোস্বামীৰ জন্মস্থান আমৰঙ্গা বৰিহাটত তেখেতৰ আশাৰ ,সপোন তথা অনুদানেৰে নিৰ্মান হোৱা চিকিৎসালয়খনৰ এতিয়া পুতৌলগা অৱস্থা । বিভাগীয় কৰ্তৃপক্ষই কোনো ব্যৱস্থা নোলোৱাৰ বাবে এই চিকিৎসালয়খনত নাই চিকিৎসক । ৰোগী আহে আৰু উভতি যায় । যাৰ ফলত চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে এতিয়া জীয়াতু ভুগিছে অঞ্চলটোৰ ৰাইজে । ইফালে, চিকিৎসালয়খনৰ যন্ত্ৰ পাতি ব্যৱহাৰ নোহোৱাত ক্ৰমাৎ জহি-খহি যাব ধৰিছে চিকিৎসা যন্ত্ৰ ।

Comments

comments

You may also read!

প্ৰথমবাৰৰ বাবে এন আই এৰ আদালতত জু ৰোড বিস্ফোৰণৰ ৭ অভিযুক্ত : “তদন্ত চলি আছে , আমি দোষী নহয়” – প্ৰাণময় ৰাজগুৰু

গুৱাহাটী, সংবাদ ৩৬৫, ১৮ জুলাই : আদালতৰ পৰা এন আই এৰ আদালতলৈ হস্তান্তৰ কৰা হ'ল জু ৰোড বিস্ফোৰণৰ বিচাৰ

Read More...

আন্তঃৰাষ্ট্ৰীয় আদালতত ভাৰতৰ জয় : পাকিস্তান সেনাৰ আদালতে কুলভূষণ যাদৱক দিয়া ফাঁচীৰ ৰায় স্থগিত ৰাখিলে আই চি জে

নিউজ ডেস্ক, সংবাদ ৩৬৫, ১৮ জুলাই : আন্তঃৰাষ্ট্ৰীয় আদালতত ভাৰতৰ বৃহৎ জয়। আন্তঃৰাষ্ট্ৰীয় আদালতে স্থগিত ৰাখিলে ভাৰতৰ প্ৰাক্তন নৌ

Read More...

গুৱাহাটীত জব্দ ৩৪ লাখ মূল্যৰ নিচাজাতীয় টেবলেট : গ্ৰেপ্তাৰ পশ্চিমবংগৰ দুই যুৱতী

গুৱাহাটী, সংবাদ ৩৬৫, ১৮ জুলাই : গুৱাহাটীত ৰে’ল আৰক্ষীৰ নিয়মীয়া তালাচীত আটক ২ যুৱতী। যুৱতীৰ পৰা জব্দ ৩৪,১০০টা নিচাজাতীয় টেবলেট।

Read More...

Mobile Sliding Menu