নিউজ ডেস্ক, ১৪ জানুৱাৰী, ২০২৪ : ৰাহুল গান্ধীৰ নেতৃত্বত মণিপুৰৰ পৰা আৰম্ভ ‘ভাৰত জোডো ন্যায় যাত্ৰা’ (Bharat Jodo Nyay Yatra)। ভাৰত জোডো ন্যায় যাত্ৰাৰ সময়ত ৰাহুল গান্ধীয়ে ৬০ ৰ পৰা ৭০ জন লোকৰ সৈতে খোজকাঢ়ি আৰু বাছেৰে যাত্ৰা কৰিব। মণিপুৰৰ খংজোম যুদ্ধ স্মৃতিসৌধৰ পৰা দেওবাৰৰ পৰা আৰম্ভ হৈছে এই যাত্ৰা। এই সময়ছোৱাত ৰাহুল গান্ধীয়ে ৬৭০০ কিলোমিটাৰতকৈ অধিক দূৰত্ব অতিক্ৰম কৰিব। দুমাহ পৰ্যন্ত চলিবলগীয়া এই যাত্ৰা ২০ মাৰ্চত মুম্বাইত সমাপ্ত হ’ব।

দেওবাৰৰ পৰা আৰম্ভ হৈছে ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছ দলৰ দ্বিতীয় পৰ্যায়ৰ ‘ভাৰত জোডো যাত্ৰা’। এই যাত্ৰাৰ দ্বিতীয় পৰ্যায়ৰ নাম দিয়া হৈছে ‘ভাৰত জোডো ন্যায় যাত্ৰা’। মণিপুৰৰ পৰা ‘ভাৰত জোডো ন্যায় যাত্ৰা’ আৰম্ভ হোৱাত পলম হোৱাৰ বাবে ক্ষমা বিচাৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কয় যে দিল্লীৰ বেয়া বতৰৰ বাবে আমাৰ বিমানখন পলম হৈছিল, ইয়াৰ বাবে মই ক্ষমা খুজিব বিচাৰিছো। মণিপুৰৰ হিংসাত্মক পৰিস্থিতিৰ পিছত ৰাজ্যখন ভ্ৰমণ নকৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সমালোচনা কৰি ৰাহুল গান্ধীয়ে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে মণিপুৰৰ বেদনা দেখা নাই।

মণিপুৰৰ হিংসাক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সমালোচনা কৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কয় যে মণিপুৰৰ চুকে-কোণে ঘৃণা বিয়পি পৰিছে বিজেপি আৰু আৰএছএছৰ মতাদৰ্শ ঘৃণাৰ। মণিপুৰত যোৱা বছৰ আৰম্ভ হোৱা হিংসাত্মক ঘটনাৰ পিছত মণিপুৰৰ পৰিস্থিতি অতি বেয়া হৈ পৰিছে। কিন্তু ইয়াত ৰাইজৰ বেদনা দেখা নাই পি এম মোদীয়ে। তেওঁ এতিয়াও মণিপুৰলৈ অহা নাই ৰাইজৰ চকুলো মচিবলৈ।
ইয়াৰ পূৰ্বে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে ভাষণত কয়, ‘ৰাহুল গান্ধীয়ে প্ৰথমে ‘ভাৰত জোডো যাত্ৰা’ত কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ খোজকাঢ়ি গৈছিল। এই যাত্ৰাত তেওঁ দুখীয়া, মহিলা, শিশু, সাংবাদিক আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলক লগ পাইছিল। আজি পুনৰ তেওঁ মণিপুৰৰ পৰা মুম্বাইলৈ ‘ভাৰত জোডো ন্যায় যাত্ৰা’ লৈ গৈ আছে। সেইবাবেই মোৰ আশা যে সকলোৱে তেওঁৰ লগত থিয় দি শক্তি প্ৰদৰ্শন কৰক।”

মণিপুৰৰ থোবাল জিলাৰ পৰা আৰম্ভ হোৱা এই যাত্ৰাৰ বাবে দেওবাৰে পুৱা দিল্লীত কুঁৱলীৰ বাবে দৃশ্যমানতা অতি কম হোৱাৰ বাবে ৰাহুল গান্ধীৰ বিমানখন পলমকৈ ইম্ফলত উপস্থিত হয়। আনহাতে, যাত্ৰা আৰম্ভ হোৱাৰ পূৰ্বে মণিপুৰ চৰকাৰে এই যাত্ৰা সন্দৰ্ভত কিছু নিষেধাজ্ঞা আৰোপ কৰে। মণিপুৰ চৰকাৰে এই কাৰ্যসূচী এঘণ্টাৰো অধিক সময় ধৰি চলিব নালাগে আৰু যাত্ৰাত অংশগ্ৰহণকাৰীৰ সংখ্যা ৩ হাজাৰতকৈ অধিক হ’ব নালাগে বুকি কৈছিল। যোৱা বৰ্ষৰ মে’ মাহত মণিপুৰত আৰম্ভ হোৱা হিংসাত্মক ঘটনাত ১৮০ জন লোকৰ মৃত্যু হৈছে। এই যাত্ৰাৰ জৰিয়তে কংগ্ৰেছ দলে লোকসভা নিৰ্বাচনত নিবনুৱা সমস্যা, মুদ্ৰাস্ফীতি আৰু সামাজিক ন্যায়ৰ সৈতে জড়িত বিষয়সমূহৰ প্ৰতি মানুহৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছে।

দেওবাৰৰ পৰা আৰম্ভ হোৱা এই যাত্ৰা মাৰ্চ মাহৰ তৃতীয় সপ্তাহত মুম্বাইত উপস্থিত হ’ব য’ত ইয়াৰ সামৰণি পৰিব। ভাৰতীয় জাতীয় কংগ্ৰেছে দাবী কৰিছে যে এই যাত্ৰা ৬৭ দিনৰ ভিতৰত ১৫ খন ৰাজ্য আৰু ১১০ খন জিলাৰ মাজেৰে পাৰ হ’ব। ৰাহুল গান্ধীৰ ভাৰত জোডো ন্যায় যাত্ৰা মণিপুৰ, নাগালেণ্ড, অসম, মেঘালয়, পশ্চিম বংগ, বিহাৰ, ঝাৰখণ্ড, ওড়িশা, ছত্তীশগড়, উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, ৰাজস্থান, গুজৰাট আৰু মহাৰাষ্ট্ৰৰ মাজেৰে পাৰ হ’ব। উল্লেখ্য যে, ইয়াৰ পূৰ্বে ৰাহুল গান্ধীৰ ভাৰত জোডো যাত্ৰা দেশজুৰি ব্যাপক চৰ্চা লাভ কৰিছিল।