গুৱাহাটী : অব্যাহত আছে কংগ্ৰেছ ত্যাগৰ ধাৰা। ইজনৰ পিছত সিজনে ত্যাগ কৰিছে কংগ্ৰেছ দল। এইবাৰ কংগ্ৰেছ দল ত্যাগ কৰিলে ভাস্কৰ দাহালে। বৃহস্পতিবাৰে কংগ্ৰেছ দল ত্যাগ কৰাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে ভাস্কৰ দাহালে। দিছপুৰ প্ৰেছ ক্লাবত এক সংবাদ মেল অনুষ্ঠিত কৰি কংগ্ৰেছ দল ত্যাগ কৰা বুলি ঘোষণা কৰে ভাস্কৰ দাহালে। 

কংগ্ৰেছ দল ত্যাগ কৰা ভাস্কৰ দাহাল অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক ও মুখপাত্র আছিল। সংবাদ মেলত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ বিৰুদ্ধে ক্ষোভ উজাৰি ভাস্কৰ দাহালে কংগ্ৰেছ প্ৰদেশ কংগ্ৰেছ কমিটীৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক অভিযোগ উত্থাপন কৰি কয় কংগ্ৰেছ দলত এতিয়া পূৰ্বৰ আদৰ্শ নাই। কোটি টকা দিলেহে কংগ্ৰেছ দলত টিকট লাভ কৰিব পাৰি বুলি অভিযোগ উত্থাপন কৰে ভাস্কৰ দাহালে।

বিগত লোকসভা নির্বাচনত কংগ্ৰেছ দলৰ টিকট বিচাৰোঁতে কংগ্ৰেছ দলে টকা বিচৰাৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰে ভাস্কৰ দাহালে। ভাস্কৰ দাহালে তেজপুৰ লোকসভা সমষ্টিৰ পৰা টিকট বিচাৰোঁতে কংগ্ৰেছ নেতা হৰিশ ৰাৱতে টকা  বিচাৰিছিল বুলিও সংবাদ মেলত কয় ভাস্কৰ দাহালে। টকাৰ বিনিময়ত লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলে তেজপুৰ সমষ্টিৰ পৰা এম জি ভি কে ভানুক টিকট দিছিল বুলিও কয়।

সংবাদ মেলত ভাস্কৰ দাহালে কয় কংগ্ৰেছ দলে বিজেপি দলক অধিক শক্তিশালী কৰি আছে। এজন মুছলমান ব্যক্তিক কিয় বিৰোধী দলপতি বনাব নোৱাৰে বুলিও প্ৰশ্ন কৰে ভাস্কৰ দাহালে। কংগ্ৰেছ দলৰ এতিয়া কোনো নীতি আদৰ্শ নথকাৰ বাবেই কংগ্ৰেছ দলৰ বিধায়ক সকলে কংগ্ৰেছ দল ত্যাগ কৰিছে বুলি কয় ভাস্কৰ দাহালে। কংগ্ৰেছ দলে গোৰ্খা সকলক অৱহেলা কৰি অহাৰো অভিযোগ উত্থাপন কৰে ভাস্কৰ দাহালে।