গুৱাহাটী : নুনমাটিত এইবাৰ আক্ৰমণৰ বলি হ’ল এগৰাকী যুৱতী। মুখত ক’লা কাপোৰ বান্ধি দুৰ্বৃত্তৰ দল এটাই আক্ৰমণ চলায় যুৱতী গৰাকীক। দুৰ্বৃত্তৰ দলটোৱে কাঢ়ি নিয়ে যুৱতী গৰাকীৰ মোবাইল ফোন। মঙলবাৰে নিশা নুনমাটিত এজন অভিযন্ত্ৰাৰ ডিঙি কাটি দুৰ্বৃত্তই লুটি নিছিল নগদ ধনসহ সোণৰ চেইন।

মহানগৰীৰ গুৱাহাটীত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে অপৰাধজনীত ঘটনা। হত্যা, চুৰি, ডকাইতি সাধাৰণ ঘটনাত পৰিণত হৈছে মহানগৰী গুৱাহাটীত। বুধবাৰে নিশাৰ ভাগত এগৰাকী যুৱতী কৰ্মস্থলীৰ পৰা ঘৰলৈ গৈ থকা অৱস্থাত নুনমাটিৰ কেবিন চ’কত মুখত ক’লা কাপোৰ বান্ধি দুৰ্বৃত্তৰ দল এটাই যুৱতী গৰাকীক আক্ৰমণ চলাই যুৱতী গৰাকীৰ মোবাইল ফোন কাঢ়ি নিয়ে।

জানিব পৰা মতে যুৱতী গৰাকী ভৰলুৰ এখন ফাৰ্নিছাৰৰ দোকানত কৰ্মৰত। নিশা প্ৰয়া ৮.৩০ বজাত যুৱতী গৰাকী ঘৰলৈ গৈ থকা অৱস্থাত যুৱতী গৰাকী দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হয়। উল্লেখ্য যে মঙলবাৰে নিশাৰ ভাগতো একেটা অঞ্চলতে কিশোৰ কলিতা নামৰ ৰে’ল বিভাগৰ এজন অভিযন্ত্ৰা দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হৈছিল।

কিশোৰ কলিতা নামৰ ৰে’ল বিভাগৰ অভিযন্ত্ৰা গৰাকীক মঙলবাৰে নিশা দুৰ্বৃত্তৰ দল এটাই ডিঙি কাটি নগদ ধনসহ সোণৰ চেইন কাঢ়ি নিছিল। জানিব পৰা মতে নুনমাটি অঞ্চলত ড্ৰাগছ আসক্তৰ সংখ্যা বৃদ্ধি পোৱাত অঞ্চলটোত প্ৰায়ে এনে ধৰণৰ ঘটনা সংঘটিত হয়। স্থানীয় ৰাইজে আৰক্ষীক অঞ্চলটোত কঠোৰ নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিবলৈ আহ্বান জনাইছে।