কলগাছিয়া : কলগাছিয়াত অব্যাহত আছে বেঁকী নৈৰ ভয়াবহ গৰাখহনীয়া। কলগাছিয়াৰ কাউৰজাহীত বেঁকী নৈৰ ভয়াবহ গৰাখহনীয়াৰ ফলত আতংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ। বেঁকী নৈৰ গৰাখহনীয়া ৰোধৰ বাবে কাণ সাৰ নাই জনপ্ৰতিনিধিৰ। সাংসদ বিধায়কৰ বিৰুদ্ধে ক্ষোভ উজাৰি শীঘ্ৰে বেঁকী নৈৰ গৰাখহনীয়া প্ৰতিৰোধৰ দাবী নৈপৰীয়া ৰাইজৰ।

বৰপেটা জিলাৰ কলগাছিয়া ৰাজহচক্ৰৰ অন্তৰ্গত কাউৰজাহী গাঁৱত বেঁকী নৈৰ গৰাখহনীয়াই দিনক দিনে অধিক ভয়াবহৰূপ ধাৰণ কৰাত আতংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ। যোৱা বছৰ বেঁকী নৈৰ গৰাখহনীয়াৰ ফলত কাউৰজাহী ইছব বজাৰৰ কাষতে থকা কলগাছিয়াৰ পৰা মোৱামাৰীলৈ যোৱা প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পথ, মথাউৰীৰ লগতে প্ৰায় অৰ্ধ লশতাধিক পৰিয়ালৰ মাটিত বেঁকী নৈৰ বুকুত জাহ গৈছিল।

বেঁকী নৈৰ গৰাখহনীয়াৰ কবলত পৰি অৰ্ধশতাধিক পৰিয়াল গৃহহীন হোৱাৰ পিছতো স্থানীয় জনপ্ৰতিনিধি তথা প্ৰশাসনে গৰাখহনীয়া প্ৰতিৰোধৰ বাবে কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হোৱা নাই। ফলত স্থানীয় সাংসদ আব্দুল খালেক আৰু জনীয়াৰ বিধায়ক ড০ হাফিজ ৰফিকুল ইছলামৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে নৈপৰীয়া ৰাইজ। স্থানীয় জনপ্ৰতিনিধি সকলে খবৰ লবলৈ আহৰি নোপোৱাত জনপ্ৰতিনিধি সকল জীয়াই আছেনে নাই সেই লৈও প্ৰশ্ন উত্থাপন কৰিছে খহনীয়াগ্ৰস্থ ৰাইজে।

সম্প্ৰতি এই খৰালিৰ সময়তো বেঁকী নৈৰ গৰাখহনীয়া অব্যাহত থকাত বহু লোকৰ ভেটিৰ মাটি নৈৰ বুকুত জাহ যোৱাৰ আশংকাই দেখা দিছে। অতি শীঘ্ৰে বেঁকী নৈৰ গৰাখহনীয়া প্ৰতিৰোধ নকৰিলে বলাইপাথাৰ, খাৰবাল্লী, আমগুৰি, শওপুৰ আৰু কলগাছিয়ালৈ তীব্ৰ ভাবুকি আহি পৰাৰ আশংকা কৰি শীঘ্ৰে বৰপেটা জিলা প্ৰশাসনক বেঁকী নৈৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে ভূক্তভোগী ৰাইজে আহ্বান জনাইছে।