গুৱাহাটী, সংবাদ ৩৬৫, ১ এপ্ৰিল : ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ হেঙেৰাবাৰীৰ কাৰ্য্যালয়ত সোমবাৰে বিত্ত মন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত যোগদান কাৰ্যসূচী । যোগদান কৰে বিভূতি ভূষণ বৰঠাকুৰে । উল্লেখ্য যে বিভূতি ভূষণ বৰঠাকুৰ কংগ্ৰেছৰ ৰাজ্যিক সম্পাদক আছিল ।

যোগদান কার্যসূচীৰ লগতে অসমীয়া বিজেপি বাৰ্তাৰ উন্মোচন কৰা হয়। উন্মোচন কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, পিয়ুছ হাজৰিকা আৰু বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্ৰ নাথ শৰ্মাই।

কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ গোপন মিত্ৰতা থকা বাবে দল এৰি বিজেপিত যোগদান কৰা বুলি বিস্ফোৰক মন্তব্য বিভূতি ভূষণ বৰঠাকুৰৰ। বৰঠাকুৰে আৰু কয় যে গৌৰৱ গগৈৰ জয় নিশ্চিত কৰিবলৈ তৰুণ গগৈয়ে এ আই ইউ ডি এফৰ লগত গোপন বুজা-বুজি কৰিছে । আজমলৰ দৰে অপশক্তিৰ দলৰ লগত বুজা-বুজি হোৱা পাছতে কংগ্ৰেছৰ নীতি আদৰ্শ সম্পূৰ্ণ ৰূপে বিঘ্নিত হল।

উক্ত অনুষ্ঠানত হিমন্তৰ মন্তব্য ৰাহুল গান্ধী নিশ্চিত পৰাজয়ৰ দিশে আগ বাঢ়িছে । কংগ্ৰেছে চেফ ছিট বিচাৰিছে। য’ত সংখ্যালঘু ভোটাৰ থাকে তাতে কংগ্ৰেছীসকলে আশ্ৰয় লয় ।

আনহাতে, প্ৰথম পৰ্যায়ত ৫ খন ছিটৰ ভিতৰত ৪ খনতেই জয়লাভ কৰাৰ দাবী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।