জোনমনি বেগম

বিশ্বনাথ : জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ বিশ্বনাথ জিলাৰ বিহালী বনাঞ্চল পৰিদৰ্শন ৰাজ্যৰ মুখ্য বন্যপ্ৰাণী সংৰক্ষণ অধীক্ষক এম কে যাদৱৰ। বিহালী সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰঞ্জিত দত্তই যোৱা বিধানসভাৰ অধিবেশনত বিহালী বনাঞ্চলক লৈ এক প্ৰশ্ন উত্থাপন কৰি উক্ত বিষয়টো মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টি গোচৰ কৰিছিল। আনহাতে নেচাৰ্চ বেকন নামৰ বন্যপ্ৰাণী সংগঠন আৰু স্থানীয় ৰাইজো ১৯১৭ চনতে বনাঞ্চল হিচাপে মৰ্যাদা লাভ কৰা বনাঞ্চলখন অভয়াৰণ্য হিচাপে ঘোষনা কৰাৰ বাবে দাবী জনাই আহিছে।

বিশ্বনাথ জিলাৰ বাবে ৰাজ্যৰ মুখ্য বন বিষয়াগৰাকীৰ পদাৰ্পণে এক সুখবৰ কঢ়িয়াই আনিলে। কাৰণ বন বিভাগৰ উচ্চ পদস্থ বিষয়া গৰাকীয়ে সাংবাদিকৰ লগত হোৱা সাক্ষাৎকাৰত কয় যে ৰাজ্য চৰকাৰ বিহালী বনাঞ্চলক অভয়াৰণ্যলৈ উন্নীতকৰণৰ বাবে আগ্ৰহী। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই তেখেতক এই বনাঞ্চলখন পৰিদৰ্শনৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে লগতে কয় যে এই সমস্ত বিষয় আৰু এই সন্দৰ্ভত এক পৰিকল্পনা যুগুত কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক দাখিল কৰিব বুলি জানিব দিয়ে। আনহাতে বিহালী বনাঞ্চলৰ প্ৰতি অহা সকলো ধৰণৰ সমস্যাবোৰো অতি কম সময়ৰ ভিতৰত সমাধান কৰা হ’ব। সকলো ঠিকে থাকিলে অতি কম দিনৰ ভিতৰতে বিহালী বনাঞ্চলে অভয়াৰণ্যৰ মৰ্যাদা পোৱাটো নিশ্চিত।

আনহাতে বিহালী বনাঞ্চলক পৰিদৰ্শনৰ বাবে মুখ্যমন্ত্ৰীক নিমন্ত্ৰণ জনাম বুলি সদৰি কৰিছে বিধায়ক ৰঞ্জিত দত্তই। বিহালী বনাঞ্চলত মুখ্য বন সংৰক্ষণ অধীক্ষক গৰাকীয়ে বনাঞ্চলখন পৰিদৰ্শন কৰা সময়ত তেখেতক সংগ দিয়ে বন বিভাগৰ বহু উচ্চ পদস্থ বিষয়া, বিধায়ক ৰঞ্জিত দত্ত, জিলাৰ বন বিষয়া আৰু এইফালে নেচাৰ্চ বেকন বন্যপ্ৰাণী সংগঠন আৰু গৱেষক ছাত্ৰসকলে শীৰ্ষ বিষয়াজনক সাক্ষাৎ কৰি বনাঞ্চলখনৰ তথ্য সম্বলিত নথি পত্ৰ অৰ্পন কৰে।