মানকাচৰ : ভাৰত-বাংলাদেশ সীমান্তত পুনৰ বিএছএফে জব্দ কৰিলে ১৬ টাকৈ পশুধন। কলগছৰ ভূৰত বান্ধি নদী পথেৰে পশুধন কেইটা বাংলাদেশলৈ সৰবৰাহ কৰি থকা অৱস্থাত নদীৰ মাজৰ পৰা বিএছএফে জব্দ কৰে পশুধন কেইটা। বিএছএফক দেখি পলায়ন কৰে পশুধন সৰবৰাহকাৰী।

ব্ৰহ্মপুত্ৰ নদীত পানী বৃদ্ধি পোৱাত নামনি অসমৰ ধুবুৰী আৰু দক্ষিণ শালমাৰা-মানকাচৰ জিলাত অধিক সক্ৰিয় হৈ উঠিছে পশুধন সৰবৰাহকাৰী। ব্ৰহ্মপুত্ৰ নদীৰ বাঢ়নী পানীৰ সুযোগ গ্ৰহণ কৰি পশুধন সৰবৰাহকাৰীয়ে নদী পথেৰে পশুধন সৰবৰাহৰ চেষ্টা অব্যাহত ৰাখিছে। বিশেষকৈ দক্ষিণ শালমাৰা-মানকাচৰত কলগছৰ ভূৰত পশুধন বান্ধি বাংলাদেশলৈ সৰবৰাহ কৰি আছে সৰবৰাহকাৰীয়ে।

বিগত কিছুদিন ধৰি প্ৰায় প্ৰতিদিনে বিএছএফে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ নদী পথত চোকা দৃষ্টি ৰাখি বাংলাদেশলৈ সৰবৰাহ কৰা গৰু-ম’হ জব্দ কৰি আছে। মঙলবাৰে পুনৰ বিএছএফে নদীৰ মাজৰ পৰা ১৬ টাকৈ গৰু-ম’হ জব্দ কৰে। জিলাখনৰ সুখচৰ থানাৰ অন্তৰ্গত ভাৰত-বাংলাদেশ সীমান্তৰ ছালাপাৰাত বিএছএফে নদীৰ মাজৰ পৰা জব্দ কৰে পশুধন কেইটা।

পুৱতি নিশা প্ৰায় ২.৩০ বজাত বিএছএফে সীমান্তত টহল দি থকা অৱস্থাত চোৰাং পশুধন সৰবৰাহকাৰীৰ এটা দলে কলগছৰ ভূৰত পশুধন কেইটা বান্ধি বাংলাদেশলৈ সৰবৰাহৰ চেষ্টা চলাই থকা প্ৰত্যক্ষ কৰে। বিএছএফে লগে লগে অভিযান চলাই নদীৰ মাজৰ পৰা ৯ টা গৰু আৰু ৭ টা ম’হসহ মুঠ ১৬ টা পশুধন উদ্ধাৰ কৰে। অৱশ্যে বিএছএফৰ দলটোক দেখা পাই পশুধন সৰবৰাহকাৰী দলটো পলায়ন কৰে।