জোনমণি বেগম
বিশ্বনাথ : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বিশ্বনাথতো আৰম্ভ হৈছে বিহু কৰ্মশালা। বিশ্বনাথৰ আদৰ্শ প্ৰাথমিক বিদ্যালয়ত লুইত পৰীয়া শিল্পী সমাজৰ উদ্যোগত বিহু কৰ্মশালা। ক’ভিডসৃষ্ট পৰিস্থিতিৰ উন্নত হোৱাত এইবাৰ ৰাইজ ৰঙালী বিহু উদযাপনৰ বাবে সম্পূৰ্ণ সাজু।

অসমীয়া জাতিৰ হিয়াৰ আমঠু বহাগ বিহুলৈ মাজত মাত্ৰ এটা মাহ বাকি। ইতিমধ্যে ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে বিশ্বনাথ চাৰিআলিৰ প্ৰাথমিক আদৰ্শ বিদ্যালয়তো বিহু কৰ্মশালাত ঢোল, পেঁপাহৰ তালে তালে নাচনীৰ নৃত্য, ঢোল, পেঁপা, গগনাৰ মাতে বিহু অহা বতৰা দিছে।

বিশ্বনাথৰ লুইত পৰীয়া শিল্পী সমাজৰ উদ্যোগত যোৱা ১২ মাৰ্চৰ পৰা আৰম্ভ হোৱা এই বিহু কৰ্মশালত বিশ্বনাথৰ বিভিন্ন প্ৰান্তৰ কণ কণ শিশু সকলে মৌ কুঁৱৰী, বিহু কুঁৱৰী, ঢোল বাদন, পেঁপা আৰু গগনা বজোৱা প্ৰশিক্ষণ গ্ৰহণ কৰিছে। বিশ্বনাথৰ লুইত পৰীয়া শিল্পী সমাজে বিশ্বনাথত যোৱা ২০১৩ চনৰ পৰাই কণ কণ শিশু সকলৰ বাবে বিহু কৰ্মশাল আয়োজন কৰি প্ৰশিক্ষণ প্ৰদান কৰি আহিছিল।

যোৱা দুটা বছৰ ক’ভিডৰ বাবে এই বিহুৰ কৰ্মশালা অনুষ্ঠিত কৰাৰ পৰা বিৰত থাকিব লগিয়া হৈছিল। এইবাৰ ক’ভিডসৃষ্ট পৰিস্থিতি উন্নত হোৱাত অসমীয়া ৰাইজ বিহু উদযাপনৰ বাবে সাজু হৈ আছে। সমাগত হেপাহৰ বিহুত ক’ভিডৰ কোনো প্ৰভাৱ নথকাৰ বাবে উৎফুল্লিত হৈ পৰিছে বিহু কৰ্মশালা প্ৰশিক্ষক সকল।