সংবাদ ৩৬৫ ডেস্ক, ৪ জুলাইঃ অসম চৰকাৰে নতুনকৈ স্থাপন কৰিব বিচৰা আদৰ্শ বিদ্যালয়সমূহত অসমীয়া মাতৃভাষাক পৰিকল্পিতভাৱে অৱমাননা কৰাৰ প্ৰতিবাদত আৰু আদৰ্শ বিদ্যালয়সমূহ অসমীয়া আৰু মাতৃভাষা মাধ্যমৰ ভিত্তিত স্থাপন তথা ইয়াৰ বাবে ৰাজ্যিক বোৰ্ড গঠনৰ দাবীত সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছুৱে ৰাজ্যজুৰি বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে৷ তিনিচুকীয়া, চৰাইদেউ, লখিমপুৰ, তামুলপুৰ, শোণিতপুৰ, বকো, ৰঙিয়া দৰঙৰ লগতে ৰাজ্যৰ প্ৰত্যেকখন জিলাৰ সদৰ আৰু মহকুমাত আছুৰ নেতৃত্বত শতাধিক ছাত্ৰ-ছাত্ৰী অৱস্থান ধৰ্মঘট কাৰ্যসূচী অংশগ্ৰহণ কৰে৷ প্ৰতিবাদকাৰীসকলে ৰাজ্য চৰকাৰে অসমত ইতিমধ্যে স্থাপন কৰা আৰু নতুনকৈ স্থাপন কৰিব বিচৰা আদৰ্শ বিদ্যালয়সমূহত অসমীয়াৰ লগতে বিভিন্ন মাতৃভাষাক পৰিকল্পিতভাৱে অৱমাননা কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰাৰ অভিযোগ কৰি তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। তেওঁলোকে ইয়াৰ জৰিয়তে চৰকাৰে ইংৰাজী মাধ্যমত শিক্ষা গ্ৰহণ কৰা যুৱক-যুৱতীক নিযুক্তিৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিয়া বুলিও দাবী কৰে৷ প্ৰতিবাদকাৰীসকলে চৰকাৰৰ এনে বৈষম্য মূলক কাৰ্য কেতিয়াও মানি নোলোৱাৰ হুংকাৰ দিয়ে৷