ৰঙিয়া, ৪ জুলাইঃ ৰঙিয়াৰ শিৱ মন্দিৰ ৰোডৰ বৰলীয়া নৈৰ দলংখন নিৰ্মাণত চূড়ান্ত গাফিলতি হোৱাৰ অভিযোগ কৰি ক্ষুব্ধ জনতাৰ লগতে স্থানীয় ব্যৱসায়ীসকলে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে৷ উল্লেখ্য যে, গড়কাপ্তানি বিভাগৰ অন্তৰ্গত কাঠৰ দলংখন মেৰামতিৰ কাম প্ৰায় ডেৰ মাহ পূৰ্বে আৰম্ভ হৈছিল। দলংখনৰ মেৰামতিৰ কাম ১৫ দিনৰ ভিতৰত সম্পূৰ্ণ কৰা হ’ব বুলি নিৰ্দিষ্ট ঠিকাদাৰৰ লগতে বিভাগীয়ভাৱে ৰাইজক জনোৱা হৈছিল। কিন্তু নাম মাত্ৰ দলংখনৰ কাম কৰিয়ে ঠিকাদাৰজনে চূড়ান্ত অৱহেলা কৰাৰ স্থানীয় লোকে অভিযোগ কৰে৷ প্ৰতিবাদকাৰীসকলে সদৰি কৰা মতে ৰঙিয়াৰ যাতায়ত ব্যৱস্থাত শিৱ মন্দিৰ ৰোডৰস্থিত  বৰলীয়া নৈৰ দলংখন অতি গুৰুত্বপূৰ্ণ৷ কিন্তু দলংখনৰ বিধ্বস্ত অৱস্থাৰ কাৰণে পথটোৰে যাতায়তৰ ক্ষেত্ৰত সৰ্বসাধাৰণ ব্যাপক সমস্যাৰ সন্মুখীন হৈছে। দলংখনেৰে বিপদসংকুল ভাবে বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে যাতায়ত কৰিবলৈ বাধ্য হৈছে। বৰ্তমান বিধ্বস্ত দলংখনৰ কাৰণে যোগাযোগ ব্যৱস্থা বন্ধ হোৱাত ব্যৱসায়ী সকলৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে। ফলত স্থানীয় জনতাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি এসপ্তাহৰ ভিতৰত দলংখনৰ মেৰামতিৰ কাম সম্পূৰ্ণ নকৰিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে।