কলগাছিয়া, ২৭ এপ্ৰিলঃ বৰপেটা জিলাৰ বাঘবৰ সমষ্টিটো স্বাধীনোত্তৰ সত্তৰ বছৰ পিছতো অনুন্নত হৈ থকাত যাতায়ত আৰু স্বাস্থ্যৰ ক্ষেত্ৰত চৰম দুৰ্ভোগ ভুগিব লগা হৈছে অঞ্চলবাসীয়ে৷ চৰকাৰ তথা প্ৰশাসনৰ চূড়ান্ত অৱহেলাৰ কাৰণে দৈনিক শতাধিক ছাত্ৰ-ছাত্ৰীৰ লগতে স্থানীয় লোকে বিপদসংকুল ভাবে যাতায়ত কৰিব লগা হৈছে৷ নামনি অসমৰ আটাইতকৈ ডাঙৰ সাপ্তাহিক বজাৰ বাঘবৰলৈ দৈনিক হাজাৰ হাজাৰ লোক বজাৰ কৰিবলৈ আহে৷ সুচল যাতায়তৰ অভাবত এইসকল লোকে যন্ত্ৰচালিত নাৱেৰে যাতায়ত কৰিব লগা হয়৷ এই সমষ্টিৰে অন্তৰ্গত সত্ৰকণৰা, মৰাবাজ আৰু দেউলদি গাঁৱৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়েও হাতে হাতে কিতাপলৈ মৰণত শৰণ দি যন্ত্ৰচালিত নাৱেৰে বেঁকী নদী পাৰ হৈ সাওৰাচৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়, মইনবড়ী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু জনতা হাইস্কুললৈ যাতায়ত কৰিব লগা হয়৷ বছৰৰ পিছত বছৰ ব্ৰহ্মপুত্ৰ আৰু বেঁকী নদীৰ বিধ্বংসী গৰাখহনীয়াৰ ফলত স্থানীয় ৰাইজ সৰ্বসান্ত হোৱাৰ পিছতো কোনো এজন জনপ্ৰতিনিধিয়ে চৰাঞ্চলবাসীৰ খবৰ ল’বলৈ আহৰি পোৱা নাই৷ সমষ্টিবাসী ৰাইজৰ উন্নয়নৰ কাৰণে কোনো এখন চৰকাৰ বা জনপ্ৰতিনিধিয়ে গুৰুত্ব আৰোপ নকৰাৰ ফলত আজিও সমষ্টিটো অনুন্নত আৰু দূৰ্গম হিচাবে পৰিচিত হৈ আছে। উল্লেখযোগ্য যে, চৰ-চাপৰিৰ ৰাইজৰ একমাত্ৰ যাতায়তৰ মাধ্যম হ’ল নাও৷ কিন্তু অতি দুখৰ বিষয় বেঁকী আৰু ব্ৰহ্মপুত্ৰ নদীৰে প্ৰশাসনৰ চকুৰ সন্মুখেদি দৈনিক শতাধিক অবৈধ অনুজ্ঞাপত্ৰ বিহীন যন্ত্ৰচালিত নাওঁ চলাচল কৰে৷ প্ৰশাসনক এই সন্দৰ্ভত সময়ে সময়ে অৱগত কৰা হৈছে যদিও এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহন কৰা পৰিলক্ষিত হোৱা নাই৷  ফলত স্থানীয় ৰাইজে মৰণত শৰণ দি এই নাওঁসমূহেদি বিপদসংকুল ভাবে যাতায়ত কৰে৷  এই অবৈধ যন্ত্ৰচালিত নাওঁ সমূহ নদীত চলাচল বন্ধ কৰি  প্ৰশাসনে অনুজ্ঞাপত্ৰ থকা নাওঁত যাৱতীয় উদ্ধাৰ সামগ্ৰীসহ  চলাচলৰ ব্যৱস্থা কৰিবলৈ চৰাঞ্চলবাসীয়ে প্ৰশাসনক দাবী জনাইছে৷