গুৱাহাটী, ২৭ এপ্ৰিলঃ বনৰাণী উমলিছে ৰাণীৰ কোচত৷ মাতৃৰ চেনেহৰ পৰা বঞ্চিত হৈ পালে ৰাণীৰ মৰম৷ দুৰ্ভাগ্যক্ৰমে মাতৃৰ বুকুৰ পৰা বিচ্ছেদ হৈ পৰিল ৰাণীৰ কোচত৷ ৰাণীৰ কোচত বাগৰিছে, খেলিছে আৰু কামুৰিছে ৰাণীৰ কাপোৰ৷ যেন আকৌ ঘূৰাই পাইছে নিজ হেৰুৱা মাতৃৰ বুকুৰ স্নেহ ৰাণীৰ কোচত৷ যোৱা ৭ এপ্ৰিলত ডিগবৈৰ হাতীজন চাহ-বাগিচাত উদ্ধাৰ হৈছিল দুটাকৈ নাহৰফুটুকী বাঘৰ পোৱালি৷ মাতৃহাৰা পোৱালি দুটাক ডিগবৈ বন বিভাগে উদ্ধাৰ কৰি গতাই দিছিল কাজিৰঙাত অৱস্থিত চিডব্লিউআৰচিত৷ চিডব্লিউআৰচিৰ তত্ত্বাৱধানত থকা অৱস্থাত এটা পোৱালিৰ মৃত্যু হোৱাত ২০ এপ্ৰিলত আনটো পোৱালীক ৰাজ্যিক চিৰিয়াখানালৈ অনা হয়৷ মাতৃহাৰা এই পোৱালীটোৰ খবৰ ল’বলৈ চিৰিয়াখানালৈ আহে বনমন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম৷ বনমন্ত্ৰী গৰাকীয়ে নাহৰফুটুকী বাঘৰ পোৱালীটোৰ  লগত কিছু সময় অতিবাহিত কৰাৰ লগতে পোৱালীটোক নিজৰ কোচত বহুৱাই দিয়ে অলপ মৰম৷ নাহৰফুটুকীৰ পোৱালীটোৱেও বনমন্ত্ৰীৰ সান্নিধ্য পাই মাকৰ লগত থকা যেন অনুভৱ কৰি ৰাণীৰ লগত আনন্দিত হৈ খেলে৷