জোনমণি বেগম

বিশ্বনাথ : বন্দুকৰ পৰিবৰ্তে বিশ্বনাথ আৰক্ষীৰ হাতত ঝাৰু, কোৰ, বেলচা। বিশ্বনাথ আৰক্ষী হাতত ঝাৰু, কোৰ, বেলচা লৈ নামিল অভিযানত। বিশ্বনাথ নগৰৰ গাতে লাগি থকা অতি পিছপৰা নীলপুৰ চাহ বাগিচাত বিশ্বনাথ জিলা আৰক্ষীৰ অভিযান।

অৱশ্যে বিশ্বনাথ আৰক্ষীৰ এই অভিযান কোনো অপৰাধীৰ বিৰুদ্ধে নহয়। আৱৰ্জনাৰ বিৰুদ্ধে হাতত ঝাৰু, কোৰ, বেলচা লৈ অভিযানত নামিছে বিশ্বনাথ আৰক্ষী। ক’ভিডৰ দ্বিতীয়টো ঢৌত বিশ্বনাথৰ এই নিলপুৰ চাহ বাগিচাত বহু লোক আক্রান্ত হৈছিল।

বিশ্বনাথ জিলা আৰক্ষীয়ে বিশ্বনাথ জিলা গাঁওৰক্ষী বাহিনীৰ সহযোগত আৰু অগ্নি নিৰ্বাপক বাহিনীৰ সহযোত নিলপুৰ চাহ বাগিচাত এক স্বচ্ছ অভিযানৰ লগতে চেনিটাইজেচন অভিযান চলায়। গান্ধী জয়ন্তী লগত সংগতি ৰাখি বিশ্বনাথ জিলা আৰক্ষীয়ে এই কাৰ্যসূচী হাতত লৈছে।

বন্দুকৰ পৰিবৰ্তে বিশ্বনাথ জিলা আৰক্ষীৰ শীৰ্ষ বিষয়াৰ হাততো ঝাৰু, কোৰ, বেলচা, বীজাণু নাশক ঔষধ দেখিবলৈ পোৱা যায়। এই কাৰ্যসূচীত বিশ্বনাথ জিলা আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কুলেন্দ্ৰ নাথ ডেকাসহ জিলাখনৰ বহু আৰক্ষী বিষয়া আৰু বিভিন্ন গাঁৱৰ গাঁওৰক্ষী বাহিনীৰ বিষয়ববীয়া সকল অংশগ্ৰহণ কৰে।