ভাস্কৰজ্যোতি মহন্ত

নাজিৰা : আজাদি কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি নাজিৰা আৰু শিমলুগুৰি পৌৰ সভাৰ বিশেষ আকৰ্ষণীয় সম্বৰ্ধনা অনুষ্ঠান। বাপুজিক স্মৰণ কৰি সকলোৰে ৰামধুণ ভজন পৰিৱেশন। সমগ্ৰ দেশৰ লগতে নাজিৰা মহকুমা সদৰতো শনিবাৰে নাজিৰা মহকুমা প্ৰশাসন, নাজিৰা আৰু শিমলুগুৰি পৌৰ সভাৰ উদ্যোগত ১৫২ সংখ্যক গান্ধী-জয়ন্তী নাজিৰাৰ গান্ধী ময়দানত উদযাপন কৰা হয়। এই জয়ন্তীৰ লগত সংগতি ৰাখি এখনি সৰ্ব-ধৰ্ম প্ৰাৰ্থনা সভাৰো আয়োজন কৰা হয়। সভাৰ আৰম্ভণিতে মহাত্মা গান্ধীৰ স্মাৰক তথা প্ৰতিমূৰ্ত্তিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পন কৰে অতিৰিক্ত উপায়ুক্ত তথা ভাৰপ্ৰাপ্ত মহকুমাধিপতি সব্যসাচী কাশ্যপে।

তাৰ পিছতে ভাৰপ্ৰাপ্ত মহকুমাধিপতি গৰাকীয়ে শুভেচ্ছামূলক বক্তব্য আগবঢ়াই আৰু সৰ্ব-ধৰ্ম প্ৰাৰ্থনাৰ তাৎপৰ্য বৰ্ণনা কৰি কয় যে, “মহাত্মা গান্ধী কেৱল এজন ব্যক্তিয়ে নাছিল, তেওঁ আছিল এজন অনুষ্ঠান। গোটেই জীৱনটো তেখেতে ভাৰতৰ সন্মানৰ হকে নিস্বাৰ্থভাৱে নিজৰ সৰ্বোচ্ছ উজাৰিছিল। জাতি-ধৰ্ম নিৰ্বিশেষে সকলো লোককে তেখেতে একতাৰ ডোলেৰে বান্ধি মানুহক উদ্বুদ্ধ কৰিবলৈ, মানুহৰ মাজত জাতীয়তাবোধ আৰু ভাতৃত্ববোধ জগাই তুলিবলৈ সক্ষম হৈছিল। তেখেতৰ আদৰ্শ নীতি বিশ্বৰ আৰ্থসামাজিক আৰু ৰাজনৈতিক প্ৰেক্ষাপটত এক এৰাব নোৱাৰা দলিল, যাৰ কাৰণে ভাৰতৰ নাম বিশ্বৰ মানচিত্ৰত সদায় উজ্জ্বল আৰু চিৰস্মৰণীয় হৈ ৰব।

মহকুমা তথ্য ও জনসংযোগ বিষয়া ড° বৰ্ণালী দত্তই আঁতধৰা এই সৰ্ব-ধৰ্ম সভাত মুখ্য কাৰ্যসূচীৰূপে কেইবাগৰাকীও ধৰ্মীয় প্ৰতিনিধি ব্যক্তিয়ে নিজ নিজ ধৰ্মৰ শাস্ত্ৰ পাঠ কৰে। হিন্দু ধৰ্মশাস্ত্ৰ পাঠ কৰে প্ৰকাশ শৰ্মা, কোৰান শ্বৰিফ পাঠ কৰে জাইনুল ইছলাম খান, আব্দুল সাচিব আৰু সমৰুদ্দিনে, বাইবেল পাঠ কৰে থমাছ কান্দুলনা, ইছো চান্দি গুৰিয়া আৰু টেৰেচীনা বুদ্দিঙে। লগতে শিল্পী পেঞ্চনাৰ আৰু ৰাষ্ট্ৰীয় বঁটা প্ৰাপক কালী প্ৰসাদ ৰেড্ডী আৰু সমাজ কৰ্মী আব্দুৰ ৰহমানে গুৰি ধৰা ৰামধুন ভজন উপস্থিত সকলোৱে একেলগে পৰিৱেশন কৰে। উক্ত সভাত নাজিৰাৰ জ্যেষ্ঠ নাগৰিকৰ তৰফৰ পৰা প্ৰভাত বৰঠাকুৰ, নাজিৰাৰ পৌৰ সভাৰ প্ৰাক্তন পৌৰপতি দিলীপ হাজৰিকা, সংবাদদাতা ভাস্কৰ বৰগোহাঞি আৰু নাজিৰা কলেজৰ প্ৰাক্তন অধ্যক্ষ তথা সমাজ কৰ্মী চৈয়দ মুবিদুল ইছলামে নিজ নিজ বক্তব্য দাঙি ধৰি গান্ধী জয়ন্তীৰ বৈশিষ্টৰ কথা বৰ্ণনা কৰে।

এই সভাত নাজিৰাৰ সহকাৰী আয়ুক্ত প্ৰীতম গগৈ, ৰুৱী কুমাৰী ৰয়, খণ্ড উন্নয়ন বিষয়া তন্ময় চেতিয়া, বিভিন্ন বিভাগৰ মূৰব্বী সকল, স্বচ্ছ ভাৰত অভিযানৰ নগৰ প্ৰকল্প বিষয়া হিমা ৰেখা বৰুৱাকে প্ৰমুখ্যে কৰি নাজিৰা আৰু শিমলুগুৰি পৌৰ সভাৰ কেইবাগৰাকীও বিষয়া কৰ্মচাৰী উপস্থিত থাকে। গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি উদযাপন কৰা সভাৰ এক আকৰ্ষণীয় কাৰ্যসূচী আছিল নাজিৰা আৰু শিমলুগুৰি পৌৰ সভাৰ চাফাই কৰ্মচাৰী সকলৰ সম্বৰ্ধনা অনুষ্ঠান। নাজিৰা পৌৰ সভাৰ ৫৩ জন আৰু শিমলুগুৰি পৌৰ সভাৰ ২০ জন চাফাই কৰ্মচাৰীক একোখনকৈ মানপত্ৰ, এটা টি-ছাৰ্ট, কেপ আৰু হাতমোজা প্ৰদান কৰে মহকুমাধিপতি সব্যসাচী কাশ্যপকে প্ৰমুখ্যে কৰি আন আন বিষয়া তথা সমাজকৰ্মী সকলে।