নিউজ ডেস্ক, সংবাদ ৩৬৫, ১ জুলাই : অসমৰ উন্নয়নৰ নগ্ন স্বৰূপ উদঙাইছে নিটি আয়োগৰ শেহতীয়া প্ৰতিবেদনে । অসমত কিমান উন্নয়ন হৈছে সেইয়া জলজল পটপটকৈ ওলাই পৰিছে উক্ত প্ৰতিবেদনখনত ।

দেশৰ ২৯ খন ৰাজ্যৰ ভিতৰত অসম আছে ২৭ নম্বৰত । ইয়াৰ পৰাই গম পোৱা গৈছে সবকা সাথ, সবকা বিকাশৰ কথা কোৱা বিজেপি নেতৃত্বাধীন চৰকাৰৰ প্ৰকৃত উন্নয়নৰ ছবি । শক্তি, স্বাস্থ্য আৰু উদ্যোগীকৰণত অতিশয় শোচনীয় ৰূপ অসমৰ। সৰ্বাংগীন উন্নয়নৰ তালিকাত কেৱল বিহাৰ আৰু উত্তৰ প্ৰদেশতকৈহে ওপৰত আছে অসম।

ইফালে তালিকাৰ শীৰ্ষত আছে হিমাচল প্ৰদেশ, দ্বিতীয় আৰু তৃতীয় স্থানত আছে ক্ৰমে কেৰেলা আৰু তামিলনাডু।