গুৱাহাটী, সংবাদ ৩৬৫, ১ জুলাই : এক ঐতিসাহিক মুহুৰ্তৰ সাক্ষী হৈ ৰ’ল বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ। আজিৰে পৰা গুৱাহাটী আৰু ঢাকাৰ বায়ুপথত দৈনিকভাৱে বিমানসেৱা আগবঢ়াব দেশৰ বিমান পৰিবহন প্ৰতিষ্ঠান স্পাইছজেটে ।

স্পাইছজেটৰ গুৱাহাটীৰ পৰা ঢাকালৈ চলাচল কৰিবলগীয়া প্ৰথমখন আকাশীযানখন বৰঝাৰস্থিত আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ফ্লেগঅফ কৰে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে । এই ফ্লেগঅফ অনুস্থানত উপস্থিত থাকে পৰিবহন,উদ্যোগ আৰু বাণ্যিজিক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী,শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য,মন্ত্ৰী ভৱেশ কলিতা,বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা,বাংলাদেশৰ সহকাৰী উচ্চ আয়ুক্ত ড° চাহ মহম্মদ টনভিৰ মনচুৰ,লগতে স্পাইছজেট আৰু এয়াৰপোৰ্ট অথৰিটিৰ বহু বিশিষ্ট ব্যক্তি ।

গুৱাহাটী আৰু ঢাকাৰ মাজত নতুন বিমানসেৱাৰ আৰম্ভ কৰি স্পাইছজেটে ৭৮ খন আসনযুক্ত বৰ্তমান দুখন বিমান আই এ চি এছৰ অধীনত যাতায়তৰ বাবে মুকলি কৰি দিয়ে । দৈনিক ১১:৫৫ত গুৱাহাটী বৰঝাৰবিমানবন্দৰৰ পৰা আৰু ২:১০ত ঢাকাৰ দুখন বিমান চলাচল কৰিব । এই বিমানসেৱাৰ বাবে শৈক্ষিক,স্বাস্থ্য আৰু সাংস্কৃতিক বাতাবৰন দুয়োখন দেশৰ মাজত অধিক সক্ৰিয় হ’ব বুলি আশা কৰে বাংলাদেশৰ সহকাৰী উচ্চ আয়ুক্ত গৰাকীয়ে ।

অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে আজি বিমানযাত্ৰা শুভাৰম্ভণি অনুস্থানত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ধন্যবাদ জনায় । প্ৰধানমন্ত্ৰী গৰাকীৰ নেতৃত্বতে উত্তৰ-পুৰ্বাঞ্চলৰ কৃষকসকলে উৎপাদিত কৃষি সামগ্ৰী বিদেশলৈ ৰপ্তানি কৰাত সুবিধা হৈছে ।

আজিৰ এই বিমানকেইখনৰ জড়িয়তে এনেধৰনৰ সুবিধাসমুহ দুয়োখন দেশৰ নাগৰিকে লাভ কৰিব বুলি আশা প্ৰকাশ কৰে সৰ্বানন্দ সোনোৱালে । লগতে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিয়ুষ হাজৰিকাৰ নেতৃত্বত এটি সজাটি দল আজিৰ এই বিমানতে ঢাকালৈ ৰাওনা হ’ব বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে ।নিশ্চয়কৈ এই বিমানসেৱাই অসম-ঢাকাৰ মাজত বিশেষ সম্পৰ্ক গঢ়ি তুলিব ।