গুৱাহাটী, ১৯ ছেপ্টেম্বৰঃ নগাঁৱৰ ৰূপহীহাট সমষ্টিৰ জুৰিয়াত কংগ্ৰেছৰ যুৱ কর্মীয়ে অসমীয়াৰ স্বাভিমানৰ স্বৰূপ গামোচা খন ৰাজহুৱাভাৱে অগ্নিদগ্ধ কৰা ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দিছে বিজেপিৰ ৰাজ্যিক সংখ্যালঘু মৰ্চাই৷ মৰ্চাৰ সাধাৰণ সম্পাদক মতিউৰ ৰহমানে এক প্রেছ বিবৃতিত কয় যে অসমীয়াৰ মান অভিমান তথা স্বত্তাক আঘাত কৰি কংগ্ৰেছৰ যুৱ কর্মীয়ে অসমীয়াৰ স্বাভিমানৰ স্বৰূপ গামোচা খন ৰাজহুৱাভাৱে অগ্নিদগ্ধ কৰি যি জাতিদ্রোহীতাৰ পৰিচয় দিলে তাক বিজেপিৰ ৰাজ্যিক সংখ্যালঘু মৰ্চাই তীব্র ভাষাৰে নিন্দা কৰিছে কংগ্ৰেছৰ কর্মীবৃন্দৰ এনে অসৎ কাৰ্য্যক অসমীয়া জাতিয়ে কেতিয়াও ক্ষমা কৰিব নোৱাৰে নগাঁৱৰ জুৰিয়াত কলিয়াবৰ জিলাৰ বিজেপি সংখ্যালঘু মৰ্চাৰ জিলা সমিতিৰ সভাখন ক্ষতিগ্রষ্ট কৰিবলৈ স্থানীয় কংগ্ৰেছ দলৰ বিধায়ক নৰুল হুদাৰ নেতৃত্বত এখন আকস্মিক প্রস্তুতিৰে কংগ্ৰেছ দলে কর্মীসভাখন আয়োজন কৰে৷ বিজেপিৰ সভাখনৰ নিচেই কাষতে অনুষ্ঠিত সভাখনত কংগ্ৰেছ দলৰ নিজ কর্মীৰ মাজত হতাহতি হয় আৰু যুৱ কৰ্মীয়ে অসমীয়া জাতিৰ স্বাভিমানৰ প্ৰতীক গামোচাখন জ্বলাই দিয়ে৷ বিজেপি সংখ্যালঘু মৰ্চাৰ তৰফৰ পৰা জুৰিয়া থানাত এই সন্দৰ্ভত এটা গোচৰ ৰুজু কৰা হৈছে কংগ্ৰেছ দলৰ এনে কাৰ্য্যক আমি অসম বিৰােধী কাৰ্য্য বুলি অভিহিত কৰিছো