ৰৈটাৰ্ছৰ ফটোগ্ৰাফাৰ মহম্মদ পৌনিৰ হুছেইনৰ কেমেৰাত বন্দী হৃদয় বিদাৰক দৃশ্য

অনলাইন ডেস্ক সংবাদ ৩৬৫, ১৯ ছেপ্টেম্বৰঃ ম্যানমাৰৰ ৰাখিন প্ৰান্তত যোৱা ২৫ আগষ্টৰ পৰা হৈ থকা সাম্প্ৰদায়িক সংঘৰ্ষৰ ফলত শতাধিক লোক নিহত হোৱাৰ লগতে লক্ষাধিক ৰোহিঙীয়া সম্প্ৰদায়ৰ লোকে প্ৰাণৰক্ষাৰ বাবে বাংলাদেশলৈ পলায়ন কৰিছে। ম্যানমাৰত সাম্প্ৰদায়িক সংঘৰ্ষৰ ফলত প্ৰাণৰক্ষাৰ উদ্দেশ্যে এটা ৰোহিঙীয়া মুছলমান পৰিয়ালে সমুদ্ৰ পথেৰে বাংলাদেশলৈ পলায়ন কৰাৰ সময়ত বাংলাদেশ পোৱাৰ কিছু পূৰ্বে সমুদ্ৰৰ পাৰত পৰিয়ালটোৱে ব্যৱহাৰ কৰা নাওঁখন দুৰ্ঘটনাগ্ৰস্ত হৈ সমুদ্ৰত ডুব যায়। পৰিয়ালটোৱে সাঁতুৰি বাংলাদেশলৈ উপস্থিত হয় যদিও পৰিয়ালটোৰ আটাইতকৈ কনিষ্ঠতম সদস্য পাঁচমহীয়া পুত্ৰ সন্তানটোৰ নাওঁ দুর্ঘটনাত মৃত্যু হয়। সেই সময়ত ম্যানমাৰৰ পৰা বাংলাদেশলৈ পলায়ন কৰা ৰোহিঙীয়াসকলৰ ফটো তুলি থকা ৰৈটাৰ্ছৰ ফটোগ্ৰাফাৰ মহম্মদ পৌনিৰ হুছেইনৰ কেমেৰাত বন্দী হয় নাওঁ দুর্ঘটনাৰ দৃশ্য৷ এই দৃশ্যবোৰৰ ভিতৰত পৌনিৰ কেমেৰাত বন্দী হয় সেই পাঁচমহীয়া শিশুৰ নিথৰ দেহা বুকুত সাৱতি কান্দি থকা মাতৃৰ হৃদয়বিদাৰক দৃশ্য। পৌনিৰ এই আলোকচিত্ৰই সমগ্ৰ বিশ্ববাসীৰ হৃদয় কপাঁই তুলিছে৷ পৌনিৰে জানিবলৈ দিয়া মতে, সেই সময়ছোৱাত পৰিয়ালৰ প্ৰতিজন ব্যক্তিৰ কান্দোনত যেন স্তব্ধ হৈ পৰিছিল বিশাল সমুদ্ৰৰ ঢৌওঁ।

উল্লেখ্য যে ম্যানমাৰত সাম্প্ৰদায়িক হিংসাৰ ফলত লক্ষাধিক ৰোহিঙীয়া সম্প্ৰদায়ৰ লোকে প্ৰাণৰ তাড়নাত সীমান্তৱৰ্তী বাংলাদেশত শৰণাৰ্থী হিচাপে আশ্ৰয় লৈছে৷ ম্যানমাৰ সেনাৰ অমানৱীয় আক্ৰমণক সমগ্ৰ বিশ্বই কঠোৰ ভাষাৰে ধিক্কাৰ দিয়াৰ লগতে ম্যানমাৰক কঠোৰ ভাষাৰে সমালোচনা কৰিছে।