মঙলদৈ : মঙলদৈ চহৰৰ মাজ মজিয়াত ঘোঙৰ আতংক। ঘোঙৰ আক্ৰমণত এজন বনকর্মীসহ দুজন লোক অহাত। ঘোঙটোক পিঞ্জৰাবদ্ধ কৰিবলৈ বন বিভাগৰ প্ৰচেষ্টা অব্যাহত। মঙলদৈ চহৰৰ মাজ মজিয়াত ক’ৰ পৰা ঘোঙটো আহিল বৰ্তমানলৈকে জানিব পৰা হোৱা নাই।

শুকুৰবাৰে পুৱাৰ পৰাই দৰং জিলাৰ মঙলদৈ চহৰত আতংকৰ সৃষ্টি কৰে এটা ঘোঙে। পুৱাৰ ভাগত প্ৰথমে ঘোঙটো দেখিবলৈ পোৱা যায় চহৰৰ মাজ মজিয়া কৰিমচকত। এখন স্থানীয় লোকে কৰিমচকত ঘোঙটোক প্ৰত্যক্ষ কৰাৰ পিছতে অঞ্চলটোত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়।

স্থানীয় ৰাইজে বন বিভাগ আৰু আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী আৰু বন বিভাগৰ লোকে ঘোঙটোক আটক কৰিবলৈ প্ৰচেষ্টা চলায়। ঘোঙটোক ধৰিবলৈ যাওঁতে এজন বনকর্মী ঘোঙটোৰ আক্ৰমণত গুৰুত্বৰভাৱে আহত হয়। ঘোঙটোৰ আক্ৰমণত আন দুজন লোকো আহত হৈছে।

আহত বনকর্মীজনৰ নাম টংকেশ্বৰ শৰ্মা বুলি জানিব পৰা গৈছে। আনহাতে মৃণ্ময় ডেকা নামৰ এজন ১২ বছৰীয়া কিশোৰ আৰু অনন্ত কেওঁত নামৰ এজন লোকো আহত হৈছে ঘোঙটোৰ আক্ৰমণত। ইফালে ঘোঙটোক চাবলৈ মঙলদৈ চহৰত ৰাইজে ভিৰ কৰা পৰিলক্ষিত হয়।

বন বিভাগ আৰু আৰক্ষীৰ লোক ঘোঙটোক পিঞ্জৰাবদ্ধ কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে যদিও বর্তমানলৈকে ঘোঙটোক ট্ৰেংকুইলাইজ কৰিবলৈ সক্ষম হোৱা নাই। ঘোঙটোকলৈ মঙলদৈ চহৰত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈছে। ঘোঙটো ক’ৰ পৰা আহিছে বর্তমানলৈকে জানিব পৰা হোৱা নাই।