জনীয়া, সংবাদ ৩৬৫, ২১ আগষ্ট : বাতৰিৰ পাছত বাতৰি প্ৰকাশ হৈ আহিছে বৰপেটা যুটীয়া স্বাস্থ্য সঞ্চালকৰ অধিনস্ত জনীয়া ৰাজ্যিক চিকিৎসালয়ৰ ডাক্তৰ, নাৰ্চ, কৰ্মচাৰী সকলৰ কৰ্মকাণ্ড সম্পৰ্কে। কিন্তু ইমানখিনি বাতৰি পৰিবেশন হোৱাৰ পাছতো জনীয়া ৰাজ্যিক চিকিৎসালয়ৰ চিকিতসক, নাৰ্চ, কৰ্মচাৰী সকলৰ কৰ্মসংস্কৃতি তিল পৰিমানৰো পৰিৱৰ্তন নহল।

প্ৰাপ্ত অভিযোগ মতে ১০-৩০ বজাৰ আগত কোনো দিনাই উপস্থিত নহয় চিকিৎসালয়খনৰ ডাক্তৰ-কৰ্মীচাৰী। দীৰ্ঘ দিনৰ পৰাই পাই অহা অভিযোগৰ ভিত্তিত বুধবাৰে জনীয়া ৰাজ্যিক চিকিৎসালয়ত সাংবাদিকৰ সজাতি দল এটা উপস্থিত হোৱাৰ পাছত ৰাইজৰ অভিযোগ সত্যত প্ৰমাণিত হল। সাংবাদিক উপস্থিত হৈ এগৰাকী মহিলা ডাক্তৰক কৰ্মৰত অৱস্থাত পোৱাৰ বিপৰীতে চিকিৎসালয়খনৰ ভাৰপ্ৰাপ্ত বিষয়া আবু বাক্কাৰ ছিদ্দক আৰু স্বাস্থ্য বিষয়া ছামাদ আলীক অনুপস্থিত অৱস্থাত পোৱা যায়।

ডাক্তৰ দুগৰাকীৰ অনুপস্থিতি সম্পৰ্কে জানিব বিচৰাত ডাঃ ছিদ্দিক হাউলীত চকু চিকিৎসা আৰু ডাক্তৰ ছামদ মহম্মদপুৰত চিকিৎসা শিবিৰত আছে বুলি জানিবলৈ দিয়ে। ৯-৩০ বজাত উপস্থিত হয় ফাৰ্মাচিষ্ট আব্দুল কাদেৰ।

অৱশ্যে ফাৰ্মাচিষ্ট আব্দুল কাদেৰ বেমাৰী কাৰণে তেওঁৰ পলম হৈছে বুলি জনায়া। কটা-ছিঙা ড্ৰেছিং কৰা কৰ্মচাৰী জনৰ মটৰছাইকেল বেয়া হোৱাৰ কাৰণে ১০ আহি পোৱা বুলি কয়। কৰ্মত আহি অধিক সময় মোবাইল ফোনত ব্যস্ত থকাৰ অভিযোগ থকা সুমন মতি নামৰ বি এছ চি নাৰ্চ গৰাকী ১০-৩০ বজাত কৰ্মলৈ অহাৰ কাৰণ জানিব বিচৰাত ঘৰ দূৰৈত থকাৰ কাৰণে দেৰি হৈছে বুলি জানিবলৈ দিয়াৰ বিপৰীতে তাতে আপোনালোকৰ কি হ’ল বুলি সাংবাদিক সকলক ওলোটাই দাম্ভিকতাৰে প্ৰশ্ন কৰে।

ভগৱানতুল্য চিকিৎসক সকলক কোনেও যাতে শাৰিৰীক প্ৰহাৰ কৰিব নোৱাৰে তাৰ বাবে যি কটকটীয়া আইন প্ৰণয়ন কৰা হৈছে তাক সৰ্বসাধাৰণ ৰাইজে আদৰণি জনাইছে। কিন্তু জনীয়া ৰাজ্যিক চিকিৎসালয়ৰ চিকিত্সক, নাৰ্চ, কৰ্মচাৰীৰ অনিয়মীয়া উপস্থিতি আৰু একাংশৰ অমাৰ্জিত ব্যৱহাৰৰ বিৰুদ্ধে বিভাগীয় কৰ্তৃপক্ষই কি ব্যবস্থা গ্ৰহণ কৰে সেইয়া ৰাইজৰ মাজত ডাঙৰ প্ৰশ্ন হৈ থিয় দিছে।