গুৱাহাটী,সংবাদ ৩৬৫, ২৫ ফেব্ৰুৱাৰী: মাৰ্ঘেৰিটাৰ পাটকাই পাহাৰত অবৈধভাৱে চলি থকা কয়লা খননৰ ওপৰত গুৱাহাটীৰ প্ৰেছ ক্লাৱত সোমবাৰে লাচিত সেনাই এখন সংবাদমেলৰ আয়োজন কৰে। সংবাদমেলত কেন্দ্ৰীয় চৰকাৰ তথা ৰাজ্য চৰকাৰলৈ দাবী জনায় লাচিত সেনাই কয় যে মাৰ্ঘেৰিটাৰ পাটকাই পাহাৰত অবৈধভাৱে চলি থকা কয়লা খনন অতি সোনকালে বন্ধ কৰক আৰু অবৈধভাৱে খনন চলাই থকা চোৰাং ব্যৱসায়ীবোৰক গ্ৰেপ্তাৰ কৰক।

চাওলুং চুকাফাৰ প্ৰথম স্তম্ভ পাটকাইক বৰ্তমানৰ কেইটামান চোৰাং ব্যৱসায়ীয়ে অবৈধভাৱে খান্দি নিঃশেষ কৰি দিয়া কাৰ্যক লাচিত সেনাই ক’ল ইণ্ডিয়াক সকীয়নী দি কয় যে অনাগত দিনত পাটকাইত যিকোনো ধৰণৰ খনন কাৰ্যৰ পৰা বিৰত থাকক। অন্যথা লাচিত সেনাই ক’ল ইণ্ডিয়াৰ বিৰুদ্ধে জংগী আন্দোলন কৰিবলৈ বাধ্য হ’ব।

অসম বন বিভাগলৈ শেষবাৰৰ বাবে সকীয়াই দি লাচিত সেনাই কয় কিহৰ চুক্তিত কয়লা খান্দিবলৈ দিয়া হৈছে সেইয়া ৰাজহুৱা কৰক।

আনহাতে,ঐতিহাসিক কীৰ্তি চিহ্নটো ধ্বংসৰ মুখলৈ ঠেলি দিবলৈ বিচৰা উজনি অসম বন সংৰক্ষক আৰু ডিগবৈ সংমণ্ডল গৰাকীৰ বিৰুদ্ধে লাচিত সেনাই আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও সংবাদমেলত জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে লাচিত সেনাই পাটকাইৰ আশে পাশে বসবাস কৰা গাঁৱৰ উঠি অহা যুৱকসকলে পঢ়া-শুনা বাদ দি কয়লা চুৰি কৰা কাৰ্যত লিপ্ত হোৱা স্বচক্ষে প্ৰত্যক্ষ কৰা বুলিও সংবাদমাধ্যমৰ আগত কয়। তেওঁলোকে আৰু কয় যে পাহাৰটোত চোৰাংকৈ খনন কাৰ্য চলাই থকা সময়তে বহু যুৱকৰ পাহাৰৰ মাটি খহি মৃত্যু হোৱা ঘটনাকো গাপ দি ৰাখিছে।

সংবাদমেলত তেওঁলোকে এইবুলিও কয় যে যি সময়ত শিশুসকল বিদ্যালয়লৈ শিক্ষা লাভৰ বাবে যাব লাগিছিল সেই সময়ত তেওঁলোক চোৰাং ব্যৱসায়ীৰ কৱলত পৰি কয়লা চুৰ কৰিবলৈ লৈছে আৰু এই সন্দৰ্ভত উজনি অসম বন সংৰক্ষণক আৰু ডিগবৈ বন সংমণ্ডল বিষয়াগৰাকীক স্মাৰক পত্ৰৰ যোগেদি বিহীত ব্যৱস্থা লবলৈ দাবী জনোৱা হৈছিল যদিও কাৰ্যত একো নহল।

গতিকে কয়লা গাড়ী অৱৰোধ কৰা আৰু উক্ত সংবাদটো প্ৰকাশ হোৱাৰ ২৪ ঘণ্টাৰ অন্তত এক জংগী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ এক সিদ্ধান্ত গ্ৰহণ কৰে লাচিত সেনাই।