গুৱাহাটী, ৪ মাৰ্চ, ২০২৪ : ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ আৰু ভাৰতীয় বক্সিং ফেডাৰেছনৰ (Indian Boxing Federation) সহযোগত অসম বক্সিং সন্থাই আয়োজন কৰা আৰ ই চি পূব মণ্ডল মুকলি প্ৰতিভা সন্ধানী বক্সিং প্ৰতিযোগিতাত অসমৰ নৱাগত খেলুৱৈসকলে প্ৰত্যাশিত আৰম্ভনি কৰি দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে৷ গুৱাহাটীৰ আৰ জি বৰুৱা ক্ৰীড়া প্ৰকল্পৰ দেশভক্ত তৰুণ ৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামত চলি থকা প্ৰতিযোগিতাখনৰ সোমবাৰে দ্বিতীয় দিনাও ল’ৰা আৰু ছোৱালীৰ ছাব-জুনিয়ৰ তথা জুনিয়ৰ শাখাৰ খেল অনুষ্ঠিত হয়৷

প্ৰতিযোগিতাৰ ছাব-জুনিয়ৰ ল’ৰাৰ ৩৭-৪০ কিলোগ্ৰাম শাখাত অসমৰ কুনাল বড়োৱে ৰাজ্যৰে জ্যোতিষ্মান সোণোৱালক, ডিউকজ্যোতি দাসে মণিপুৰৰ পেবাম জয়হেনবাক আৰু পৰমবীৰ চাক্ৰাই ৰাজস্থানৰ উৎকৰ্ষক পৰাস্ত কৰি দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰে৷ কিন্তু এই ওজন শাখাত খেলা অসমৰ প্ৰাচুয্য বৰুৱা উত্তৰ প্ৰদেশৰ আয়ুষ বাৰ্মাৰ বিৰুদ্ধে পৰাস্ত হয়৷ ইফালে, ৪৯-৫২ কিলোগ্ৰাম শাখাত খেলা অসমৰ ৰিয়ান দাসো প্ৰথম ৰাউণ্ডৰ খেলত অৰুনাচল প্ৰদেশৰ কেনলি ডানিৰ বিৰুদ্ধে পৰাস্ত হয়৷

ইফালে, জুনিয়ৰৰ ল’ৰাৰ ৪৪-৪৬ কিলোগ্ৰাম শাখাত অসমৰ জগন্নাথ বৰ্মনে উত্তৰ প্ৰদেশৰ আৰিয়ান কুমাৰক, হৰেন্দ্ৰৰ বৰাই ৰাজ্যৰে ফিৰোজ আহমেদক, অঘুমা পেগুই দ্বিপাংকৰ দাসক পাৰাস্ত কৰি দ্বিতীয় ৰাউণ্ডলৈ অগ্ৰসৰ হোৱাৰ বিপৰীতে এই ওজন শাখাতে খেলা দিল্লীৰ সাগৰৰ বিৰুদ্ধে পৰাস্ত হয় অসমৰ অনুজ কুমাৰ৷ ইফালে, ৫২-৫৪ কিলোগ্ৰাম শাখাত খেলা অসমৰ গৌৰাংগ দত্তক পৰাস্ত কৰে মেঘালয়ৰ মেছৱা ৰিপনাৰে৷

জুনিয়ৰ ছোৱালীৰ ৪৪-৪৬ কিলোগ্ৰাম শাখাত অসমৰ ৰিতাঞ্জলী বড়োই নয়নমনি দলেক, সীতা বড়োই লিজা নাথক, গায়ত্ৰী গন্ধিয়াই জোনমনি বড়িক পৰাস্ত কৰি দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰে৷ বিপৰীতে এই ওজন শাখাৰে আন এখন মেচত অসমৰ বন্দনা স্বৰ্গীয়াৰী পৰাস্ত হয় মণিপুৰৰ টি এলেনা চানুৰ বিৰুদ্ধে৷ আনহাতে, ৪৬-৪৮ কিলোগ্ৰাম শাখাত অসমৰ ভগীতৰা পেগুক পৰাস্ত কৰে অৰুনাচলৰ মাংতা টাবাই৷ ছাব-জুনিয়ৰ ছোৱালীৰ ৪৬-৪৯ কিলোগ্ৰাম শাখাত অসমৰ অম্বিকা বে প্ৰেমিকা বৰ্মাত্ৰিক, ছোনিয়া দলে পৰিস্মিতাক আৰু ছিনী হাজৰিকাই ছোনিয়াক পৰাস্ত কৰি দ্বিতীয় ৰাউণ্ডলৈ অগ্ৰসৰ হোৱাৰ বিপৰীতে এই শাখাত খেলা অসমৰ শ্ৰেয়া বড়ো মেঘালয়ৰ ইভাংগিনি ছ’হবাৰৰ বিৰুদ্ধে পৰাস্ত হয়৷

উল্লেখ্য যে ভাৰতীয় বক্সিং ফেডাৰেছনে দেশৰ সকলো প্ৰান্তৰ পৰা নতুন প্ৰতিভা নিৰ্বাচন কৰি ৰাষ্ট্ৰীয় স্তৰত প্ৰশিক্ষণ দিয়াৰ এক অভিলাসী আঁচনি হাতত লৈ শক্তি মন্ত্ৰালয়ৰ অধীনস্থ মহাৰত্ন কোম্পানী আৰ ই চি লিমিটেডৰ সহযোগত এই টেলেণ্ট হাণ্ট কাৰ্যসূচী আৰম্ভ কৰিছে৷ ইতিমধ্যে দেশৰ তিনিটা মাণ্ডলিক স্থানত সফলতাৰে প্ৰতিযোগিতা অনুষ্ঠিত হৈ যোৱাৰ পাছত এতিয়া অসমত আৰম্ভ হৈছে৷ মুকলি চেম্পিয়নশ্বিপখনত পুৰুষ আৰু মহিলাৰ এলিট, যুৱ, জুনিয়ৰ আৰু ছাব-জুনিয়ৰ শাখাৰ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷ অহা ন মাৰ্চলৈ জুনিয়ৰ আৰু ছাব-জুনিয়ৰ খেল হোৱাৰ বিপৰীতে অহা ১২ ৰ পৰা ১৮ মাৰ্চলৈ অনুষ্ঠিত হ’ব যুৱ আৰু এলিট শাখাৰ খেল৷