নিউজ ডেস্ক, ৪ মাৰ্চ, ২০২৪ : উৎকৃষ্টতা প্ৰদৰ্শনত অগ্ৰগতি অব্যাহত ৰাখি উত্তৰ-পূব সীমান্ত (North East Frontier Railway) ৰে’লৱেৰ অধীনৰ নিউ বঙাইগাঁও আৰু ডিব্ৰুগড় ৱৰ্কশ্বপে ৰে’লৰ ডবা আৰু গুডছ ৱাগনৰ তত্বাৱধানত উল্লেখযোগ্য বৃদ্ধি চিহ্নিত কৰিছে। দুয়োখন ৱৰ্কশ্বপে ফেব্ৰুৱাৰী, ২০২৪ মাহত ডবা আৰু ৱাগনৰ তত্বাৱধানত অধিক পৰিমাণৰ আউট টাৰ্ণ প্ৰদান কৰিছে।

যাত্ৰীসকলক আৰামদায়ক ভ্ৰমণৰ অভিজ্ঞতা প্ৰদান কৰিবলৈ আৰু পৰিচালন সুৰক্ষা নিশ্চিত কৰাৰ বাবে ডবা আৰু ৱাগনৰ অ’ভাৰহ’লিং কৰা হয়। ফেব্ৰুৱাৰী, ২০২৪ মাহত, নিউ বঙাইগাঁও ৱৰ্কশ্বপে প্ৰতি মাহে ৫০ টা লক্ষ্যৰ বিপৰীতে ৬৪ টা ছেট লিংকে হফমান বুছ (এলএইচবি) আৰু আইচিএফ (পৰম্পৰাগত আৰ্হিৰ) ট্ৰলীৰ ইন্টাৰমিডিয়েট অ’ভাৰহ’লিং (আইওএইচ) সম্পন্ন কৰিছে। উক্ত মাহটোত ২ খন পাৱাৰ কাৰসহ ৫৫ টা ডবা (২৭ টা এলএইচবি আৰু ২৮ টা আইচিএফ)ৰ পৰ্যায়ক্ৰমিক অ’ভাৰহ’লিং (পিওএইচ) সম্পূৰ্ণ কৰা হয়।

২০৬ টা হুইল ছেট হুইল লেথৰ পৰা আউট টাৰ্ণ কৰা হয় আৰু ৰোলিং ষ্টকৰ ডিটেনসন হ্ৰাস কৰিবলৈ মণ্ডল সমূহলৈ যোগান ধৰা হয়। লগতে, ৬ খন ৱাগনৰ ১২ খন ট্ৰলীক উচ্চ গতিৰ ট্ৰলীলৈ ৰূপান্তৰ কৰাৰ সৈতে ১৫৪ খন ৱাগন আৰু ৬ খন ব্ৰেক ভেনৰ আউট টাৰ্ণ কৰা হয়। পৰিচালন আৰু দ্ৰুত ব্ৰেকিংৰ বাবে ৪৬ টা ৱাগন পৰম্পৰাগত চিংগল পাইপ এয়াৰ ব্ৰেক প্ৰণালীৰ পৰা টুইন পাইপ এয়াৰ ব্ৰেক চিষ্টেমলৈ ৰূপান্তৰিত কৰা হয়। একেদৰে, ফেব্ৰুৱাৰী, ২০২৪ মাহত, ডিব্ৰুগড় ৱৰ্কশ্বপৰ দ্বাৰা ২০ টা এলএইচবি ডবা আৰু ৩০ টা আইচিএফ ডবাৰ লক্ষ্যৰ বিপৰীতে ৩৩ টা এলএইচবি ডবা আৰু ৩৪ টা আইচিএফ ডবা পৰ্যায়ক্ৰমিক তত্বাৱধান কৰা হয়।

ডিব্ৰুগড় ৱৰ্কশ্বপত পৰম্পৰাগত ডবাসমূহৰ বাবে পিওএইচ।আউট টাৰ্ণ মাহটোত নিৰ্ধাৰিত ৫০ টাৰ লক্ষ্যৰ বিপৰীতে ৬৭ টালৈ কৰা হয়। ৱৰ্কশ্বপৰ পৰা ৬১৪ টা হুইল ছেট (৩৫৫ টা এলএইচবি আৰু ২৫৯ টা আইচিএফ) ৰ অ’ভাৰহ’লিং কৰা হয়। ৰে’লত জুই প্ৰতিৰোধ কৰাৰ বাবে ১৯ টা এলএইচবি এচি ডবাসমূহৰ বাবে ৱৰ্কশ্বপ আৰু ইউজাৰ ডিপোসমূহতো অগ্নি চিনাক্তকৰণ প্ৰণালী সংলগ্ন কৰা হয়। মানসম্পন্ন ফিটিংছৰ সৈতে এয়াৰ ব্ৰেক প্ৰণালীত সংশোধন ১৫ টা ডবাত কৰা হয়।

ফেব্ৰুৱাৰী, ২০২৪ ত ডিব্ৰুগড় ৱৰ্কশ্বপৰ দ্বাৰা স্ক্ৰেপৰ নিষ্কাশন ৩২২.৭০ এমটি পৰ্যন্ত হয় যি জানুৱাৰী, ২০২৪ তকৈ প্ৰায় ১৬০ শতাংশ অধিক। নিৰ্ধাৰিত তত্বাৱধান অনুসূচী অনুসৰি ৱৰ্কশ্বপসমূহত ৰে’লৰ ডবা আৰু গুডছ ৱাগনৰ তত্বাৱধান আৰু মেৰামতি কৰা হয়। দুয়োটা ৰোলিং ষ্টক ৱৰ্কশ্বপে ইতিমধ্যে এলএইচবি ডবাসমূহৰ পুনৰ্নিৰ্মাণ আৰু সেইসমূহৰ পিওএইচ ক্ষমতা বৃদ্ধিৰ বাবে কেইবাটাও আন্তঃগাঁথনি বৃদ্ধিৰ কাম ইতিমধ্যে হাতত লৈছে। পৰ্যায়ক্ৰমিক অ’ভাৰহ’লিঙৰ উপৰিও, নিৰ্ধাৰিত ব্যৱধানত ৰে’লৰ ডবাসমূহৰ বাবে নিয়মীয়াকৈ ইন্টাৰমিডিয়েট অ’ভাৰহ’লিং কৰা হয়।